গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ উচ্ছেদ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ দুষ্ট চক্ৰ। দেওবাৰে মন্দিৰ প্ৰাঙ্গনত এক সংবাদমেল সম্বোধন কৰি মন্দিৰ ন্যাস সমিতিয়ে এই গুৰুতৰ অভিযোগ আনে।
সংবাদমেলত মন্দিৰ ন্যাস সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰ্মনে মন্দিৰটোৰ গাতে লাগি থকা মাটিৰ মালিক নবীন দাস, মন্টু দাস, বাবলি দাস, অকণ দাস আদিকে ধৰি বিল্ডাৰ কেপ্তেইন ভৰালীৰ ওপৰত অভিযোগৰ আঙুলি তোলে।
তেওঁ কয় ‘তেওঁলোকৰ মাটিত অট্টালিকা নিৰ্মাণৰ গইনা লৈ গণেশ মন্দিৰটো উচ্ছেদ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই চক্ৰান্ত সিদ্ধিৰ বাবে এই লোককেইজনে যোৱা ২৮ জুনৰ নিশা প্ৰায় ১০:৩০ বজাত জে চি বি ৰে অতি গোপনে মন্দিৰৰ দেৱালৰ গাতে লাগি থকা মাটি খান্দিবলৈ লগায়।‘
অৱশ্যে সেই সময়তে মন্দিৰ পৰিচালনা কমিটিয়ে স্থানীয় লোকৰ সহযোগত দিচপুৰ থানাত এক এজাহাৰ দাখিল কৰাত আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মাটি খন্দাৰ কাম বন্ধ কৰাৰ নিৰ্দেশ দি জে চি বিখন জব্দ কৰি থানালৈ লৈ যায়।
মন্দিৰ পৰিচালনা কমিটিৰ অভিযোগ ‘অট্টালিকা নিৰ্মাণকাৰীৰ উদ্দেশ্য এটাই- মাটি খান্দি মন্দিৰটো বগৰাই দি মন্দিৰৰ মাটি বেদখল কৰা।‘
উল্লেখযোগ্য উক্ত মাটিখিনিক লৈ মাটিৰ মালিকৰ পৰিয়ালৰ মাজতে বিবাদ আছে, যাৰ ফলত অট্টালিকা নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে অনুৰোধ জনাই পৰিয়ালটোৰ দুগৰাকীকৈ মহিলাই আদালতৰ দ্বাৰস্থ হৈছিল। ইয়াৰ ভিত্তিত যোৱা ২০ জুনত গোচৰটো মীমাংসা নোহোৱা পৰ্য্যন্ত আদালতে অট্টালিকা নিৰ্মাণৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।
‘কিন্তু আদালতৰ নিৰ্দেশ অৱমাননা কৰি যোৱা ২৮ জুনৰ দিনা গোপনে জে চি বিৰে কিয় মাটি খান্দিব?’ এই প্ৰশ্ন বৰ্মনৰ।
আনহাতে, অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত পৌৰ নিগমৰ কিছু নীতি নিৰ্দেশনা আছে যদিও মন্দিৰৰ গাতে লাগি থকা এই মাটি ডোখৰত শূণ্য ব্যৱধানত অট্টালিকা নিৰ্মাণৰ বাবে কেনেকৈ অনুমতি প্ৰদান কৰিলে বুলিও বৰ্মনে লগতে প্ৰশ্ন কৰে।
তেওঁ আৰু কয় ‘একেদৰে অতি চক্ৰান্তমূলকভাৱে অট্টালিকা নিৰ্মাণৰ স্কেছ মেপখনতো মন্দিৰৰ অৱস্থিতি নাইকিয়া কৰি দিয়া হৈছে।‘