• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা দি সতীৰ্থ বিজেপি নেতাৰ গৰিহনাৰ সন্মুখীন শিলাদিত্য

‘শিলাদিত্যই অসমীয়া জাতিৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে স্থিতি লৈ যাম’ মুমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2020 7:19 pm
505
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট সাহিত্যিক তথা ধন্য নৰ তনু ভাল, ৰূপতীৰ্থ যাত্ৰী, সৰুজমুখী স্বপ্ন আদি বিখ্যাত উপন্যাসৰ স্ৰষ্টা প্ৰয়াত চৈয়দ আব্দুল মালিকে তেওঁৰ সৃষ্টিৰাজীৰে বৌদ্ধিক জেহাদ চলাই গৈছে বুলি বিতৰ্কিত মন্তব্য কৰা বিতৰ্কিত বিধায়ক শিলাদিত্য দেব পুনৰ এবাৰ বিপাঙত পৰিছে।

তেওঁৰেই সতীৰ্থ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে উভটি ধৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ শিলাদিত্যক দাবী জনাইছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ৰ জৰিয়তে শিলাদিত্য দেৱে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকক লৈ কৰা অভব্য মন্তব্যৰ গৰিহণা দি মুমিনুল আৱালে কয়, ‘শিলাদিত্য দেবে যি বৌদ্ধিক জেহাদী বুলি কৈছে এই কথাৰ তীব্ৰ বিৰোধ কৰিছো। শিলাদিত্য দেবে অসমীয়া জাতিৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজক।’

‘যদি শিলাদিত্য দেবে ৰাজহুৱাভাৱে ক্ষমা নুখুজে মই শিলাদিত্য দেবৰ বিৰুদ্ধে সদায় স্থিতি গ্ৰহণ কৰিম। চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ সভাপতি আছিল। এজন সাহিত্যিক হিচাপে অসমৰ প্ৰতিগৰাকী অসমীয়াৰ তেওঁ আপোন। আব্দুল মালিকক প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধা কৰে আৰু সন্মান কৰে। এনে ব্যক্তিৰ বিৰুদ্ধে বক্তব্য ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।‘ আৱালে লগতে এইদৰে কয়।

ইপিনে, অসম সাহিত্য সভাৰ লগতে অন্যান্য জাতীয় দল সংগঠনলৈ আহ্বান জনাই আৱালে কয় ‘এগৰাকী প্ৰাক্তন সভাপতি হিচাপে মালিকক লৈ শিলাদিত্য দেবে যি বক্তব্য ৰাখিছে সেই সম্পৰ্কত অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থালৈ আহ্বান জনাম যে শিলাদিত্য দেবে এনে এগৰাকী বৰেণ্য ব্যক্তিক লৈ যি বক্তব্য ৰাখিছে এই সম্পৰ্কত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে।‘

তেওঁ আৰু কয় ‘চৈয়দ আব্দুল মালিক অসমৰ খিলঞ্জীয়া জনগোষ্ঠী গৰীয়াৰ চৈয়দ বংশৰ এগৰাকী ব্যক্তি। গতিকে যদি শিলাদিত্য দেবে ক্ষমা নোখোজে তেন্তে ইয়াৰ পৰিণাম তেওঁ ভুগিব লাগিব।‘

Recent News

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd