• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি গুণে মহীয়ান ভাতৃ-ভগ্নীৰ সম্পৰ্ক! চাওঁ আহক কি কৈছে আচাৰ্য চাণক্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 8:18 am
2.7k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতেই ভাতৃ-ভগ্নী সম্পৰ্ক মানেই মৰম, ভালপোৱা, ঠেহ, অভিমান, সন্মানেৰে পৰিপূৰক এক বান্ধোন। এক আনুষ্ঠানিক উৎসৱৰ মাজেৰে এই বান্ধোনৰ পবিত্ৰতাক উদযাপন কৰা হয় ৰাখী বন্ধনৰ জৰিয়তে।

আজি সমগ্ৰ দেশতে উদযাপিত হ’ব এই উৎসৱ। ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ পৰম সন্মানৰ এই উৎসৱে আজি দেশক জুৰি ৰাখিব।

এই বান্ধোন কিদৰে একতাৰ জৰীৰে বান্ধ খাই থাকে, কিদৰে দীৰ্ঘস্থায়ী হয়, তথা কেতিয়া সম্পৰ্কলৈ ভাঙোন আহিব পাৰে সেই সন্দৰ্ভত আচাৰ্য চাণক্যই যথেষ্ট গুৰুত্বপূৰ্ণ কিছু দিশ বৰ্ণনা কৰি গৈছে।

ভাৰতীয় সমাজ-জীৱনত চিৰ অনুৰণীয় চাণক্যৰ এইসমূহ বচন স্বাভাৱিকতেই যথেষ্ট গুৰুত্বপূৰ্ণ। আচাৰ্য চাণক্যৰ মতে, ভাতৃ-ভগ্নীৰ সম্পৰ্ক প্ৰেম আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।

কিন্তু ভাতৃৰ মনত যদি ভগ্নীৰ প্ৰতি কোনো আত্মীয়তা নাথাকে, তেন্তে দূৰত্ব বজাই ৰখাটোৱেই ভাল। চাণক্য নীতিত উল্লেখ থকা এনে কিছু দিশ চাওঁ আহক:

ভাতৃ-ভগ্নীৰ সম্পৰ্ক মানৱীয় জীৱনৰ এক অত্যন্ত মূল্যৱান আৰু আৱেগিক সম্পৰ্ক। সুখ-দুখত এই সম্পৰ্ক ইজনে সিজনৰ সহযোগী হৈ পৰে।

সেয়েহে আচাৰ্য চাণক্যই কৈছে যে যদি আপোনাৰ ভাতৃ-ভগ্নী আপোনাৰ প্ৰতি কোনো ধৰণৰ মৰম বা প্ৰেম নাথাকে আৰু প্ৰতিকূল পৰিস্থিতিত আপোনাৰ লগত থিয় নহয়; এনে ভাই-ভনীক সময়ত ত্যাগ কৰাটো উপযুক্ত।

চাণক্যই কয় যে ভাই-ভনীৰ সম্পৰ্কত সন্মানৰ প্ৰয়োজন। যেতিয়া ই কমিবলৈ আৰম্ভ কৰে, তেতিয়া সম্পৰ্কটো দুৰ্বল হ’বলৈ আৰম্ভ কৰে। গতিকে এই সম্পৰ্কত ইজনে সিজনক সন্মান কৰা উচিত।

আচাৰ্য চাণক্যৰ মতে, মিছাৰ ওপৰত ভিত্তি কৰি কোনো সম্পৰ্ক বেছি দিন টিকি থাকিব নোৱাৰে। ভাই-ভগ্নীৰ সম্পৰ্কতো মিছাৰ কোনো স্থান নাই।

মিছা কথাৰ বাবে সম্পৰ্ক দুৰ্বল হৈ পৰে। সেইবাবেই ভাতৃ-ভগ্নীয়ে কেতিয়াও পৰস্পৰে পৰস্পৰক মিছা কথা কোৱা উচিত নহয় বুলি চাণক্যই সকীয়াই দিছে।

তেওঁৰ মতে, সম্পৰ্কৰ গুৰুত্বপূৰ্ণ ভেটি হৈছে বিশ্বাস। বিশ্বাস যিমানেই মজবুত হয় সিমানেই সম্পৰ্ক মজবুত হয়। যেতিয়া সম্পৰ্কত বিশ্বাসৰ অভাৱ হয়, তেতিয়া সম্পৰ্কটো ভাঙি যোৱাৰ উপক্ৰম হয়।

সেইবাবেই ভাতৃ-ভগ্নীৰ বহুমূলীয়া সম্পৰ্কত কেতিয়াও অনাস্থা, সন্দেহক স্থান দিয়া উচিত নহয় বুলি চাণক্যই কৈ গৈছে। অন্যথা, এই মধুৰ সম্পৰ্ক মুহূৰ্ততে থানবান হৈ পৰিব বুলি তেওঁ লগতে সাৱধানবাণী শুনাই গৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd