NORTHEAST NOW (Assamese)

মছজিদত ‘জয় শ্ৰী ৰাম’ শ্লোগান দিলে ধৰ্মীয় আৱেগক আঘাত কৰা নহয়ঃ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়দান

October 16, 2024 6:54 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক সিদ্ধান্তত কয় যে মছজিদৰ ভিতৰত ‘জয় শ্ৰী ৰাম’ শ্লোগান উত্থাপন কৰিলে ‘কোনো শ্ৰেণীৰ ধৰ্মীয় আৱেগ’ত আঘাত নহয়।

বাৰ এণ্ড বেঞ্চৰ খবৰ অনুসৰি এই সন্দৰ্ভত দুজন ব্যক্তিৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক কাৰ্য্যবিধি খাৰিজ কৰাৰ সময়তে যোৱা মাহত উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত লৈছিল। এই দুয়োজন লোকৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে গোচৰ ৰুজু কৰা হৈছিল।

এই গোচৰ ৰুজু হোৱা লোক দুজনে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত এদিন নিশা স্থানীয় মছজিদত প্ৰৱেশ কৰি ‘জয় শ্ৰী ৰাম’ শ্ল’গান দিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আই পি চিৰ ২৯৫এ (অত্যাচাৰী ধৰ্মীয় বিশ্বাস), ৪৪৭ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰে।

অভিযুক্তই তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

প্ৰতিবেদন অনুসৰি ন্যায়াধীশ এম. নাগপ্ৰসন্নই কয় যে, কোনোবাই যদি ‘জয় শ্ৰী ৰাম’ শ্লোগান উত্থাপন কৰে, তেন্তে যিকোনো শ্ৰেণীৰ ধৰ্মীয় আৱেগক কেনেদৰে আঘাত দিব সেয়া বুজা হোৱা নাই। যেতিয়া অভিযোগকাৰীসকলে নিজেই কৈছে যে সেই অঞ্চলত হিন্দু আৰু মুছলমানে মিলাপ্ৰীতিৰে বসবাস কৰি আছে, তেতিয়া এই ঘটনাটোক কোনো ধৰণে ব্যাখ্যা কৰিব নোৱাৰি।

এই সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্তত কৈছে, ‘উচ্চতম ন্যায়ালয়ৰ মতামত যে আইপিচিৰ ২৯৫এ ধাৰাত কোনো কাৰ্য্যক অপৰাধ বুলি গণ্য কৰা নহ’ব যদিহে ইয়াৰ দ্বাৰা শান্তি বিঘ্নিত কৰাৰ বা ৰাজহুৱা শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা নাথাকে . যদি এনে নহয় তেন্তে আইপিচিৰ ২৯৫এ ধাৰাত ইয়াক অপৰাধ বুলি গণ্য কৰা নহ’ব।

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মতে, অভিযোগ কৰা কোনো অপৰাধৰ কোনো উপাদানৰ অনুপস্থিতিত আবেদনকাৰীৰ বিৰুদ্ধে অধিক কাৰ্য্যবিধিৰ অনুমতি দিয়াটো আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ হ’ব।

Related News