NORTHEAST NOW (Assamese)

চাপৰ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত বাধা

January 10, 2022 8:22 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ধুবুৰী জিলা সমিতিয়ে আজি পুৱা প্ৰায় ৬ বজাত চাপৰ চাহ বাগিচাৰ পৰিচালকৰ আবাসগৃহৰ সন্মুখতে পৰিচালক মনোজ ৰায়ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে বাগিচাখনৰ পৰিচালক ৰায়ে চাহ বাগিচাখনত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত অহৰহ বাধা প্ৰদান কৰি থকা বুলি আছাৰ ধুবুৰী জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে।

ৰাজ্যৰ ১১৯খন চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ অংশ অনুসৰি যোৱা ২০২০ চনৰ ২নৱেম্বৰত চাপৰ চাহ বাগিচাৰ বিৰচা মুন্ডা ষ্টেডিয়ামৰ সমীপত বিলাসীপাৰা পূব সমষ্টিৰ তৎকালীন বিধায়ক অশোক কুমাৰ সিংহীয়ে ধুবুৰীৰ উপায়ুক্তৰ উপস্থিতিত বিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।

কিন্তু আধাৰশিলা স্থাপনৰ পিচৰে পৰা ৰহস্যজনক কাৰণত বাগিচা কৰ্তৃপক্ষ আৰু বাগিচাখনৰ পৰিচালক মনোজ ৰায়ে উক্ত স্থানত বিদ্যালয় নিৰ্মাণত বাধা প্ৰদান কৰি থকাত দীৰ্ঘদিন ধৰি বাগিচাখনত এক চেপা উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।এই সন্দৰ্ভত আছাৰ কেন্দ্ৰীয় উপ সভাপতি ৰেজান হৰ’ই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি উক্ত স্থানতে বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায়।

লগতে আছাৰ ধুবুৰী জিলা সমিতিয়ে এই সন্দৰ্ভত কে’বাবাৰো ধুবুৰীৰ উপায়ুক্তকো সাক্ষাৎ কৰে।কিন্তু বিদ্যালয় নিৰ্মাণৰ কামটো বিভাগীয়ভাবে আৰম্ভ নোহোৱাত আছাৰ ধুবুৰী জিলা সমিতিয়ে যোৱা ২৪ডিচেম্বৰত  নিজাববীয়াকৈ আদৰ্শ বিদ্যালয়খন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

ইপিনে চাপৰ চাহ বাগিচাই বন বিভাগৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬২ বিঘা মাটি অবৈধ ভাৱে দখল কৰি চাহ বাগিচা গঢ়ি তোলাত  বন বিভাগে স্থানীয় প্ৰশাসনৰ সহযোগত যোৱা ২২ডিচেম্বৰত উচ্ছেদ অভিযান চলাই অবৈধ ভাৱে ৰোপণ কৰা চাহ গছসমূহৰ একাংশ কাটি প্ৰায় ৫/৬বিঘা চৰকাৰী মাটি বেদখলমুক্ত কৰে।

আনহাতে সংশ্লিষ্ট বিভাগে কটা চাহ গছ সমূহ চাপৰ চাহ বাগিচাৰ কাৰ্যালয় চৌহদৰ এঠাইত জমা কৰি ৰাখে। ইফালে চাপৰ চাহ বাগিচাত নতুনকৈ যোগদান কৰা মুখ্য পৰিচালক ৰাজীৱ সিং পাৰমাৰে যোৱা ২৭ ডিচেম্বৰত স্বাক্ষৰ কৰা এখন জাননী যোগে জনায় যে বন বিভাগে উক্ত কটা চাহগছ সমূহ  কাৰ্যালয় চৌহদৰ পৰা সাত দিনৰ ভিতৰত আঁতৰাই নিনিলে বাগিচাখনত তলাবন্ধ ঘোষণা কৰিবলৈ বাধ্য হব বুলি উল্লেখ কৰে।

সি যি কি নহওঁক আজি পুৱা আছাৰ ধুবুৰী জিলা সমিতিয়ে পুৱা পৰিচালক মনোজ ৰায়ৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে উক্ত কটা চাহ গছ সমূহো জ্বলাই দিয়ে।

আছাৰ কেন্দ্ৰীয় উপ সভাপতি ৰেজান হৰ’ আৰু ধুবুৰী জিলা সমিতিৰ সভাপতি গুলাপ চিকবাৰাইকে অতি শীঘ্ৰে  চাপৰ চাহ বাগিচাৰ পৰিচালক মনোজ ৰায়ক বৰখাস্ত কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে নতুন মুখ্য পৰিচালক ৰাজীৱ সিং পাৰমাৰক বাগিচাখনলৈ স্বাগতম জনাইছে।

Related News