NORTHEAST NOW (Assamese)

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

March 18, 2020 7:14 pm · নিৰ্মলানেন্দু পাঠক
মনোজ গগৈ। ফটো ফেচবুকৰ পৰা সংগৃহীত

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ তথা নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে গোপন যোগাযোগ ৰক্ষা কৰি অহাৰ অভিযোগত মৰাণ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

আজি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পাৰ্থ সাৰথি শইকীয়াই টীয়কস্থিত কাৰ্যালয়ত এখন সংবাদমেলত অনুষ্ঠিত কৰি এই কথা জনায়।

আৰক্ষীৰ এই কাৰ্য্যৰ প্ৰতিবাদ জনাই শইকীয়াই উক্ত সংবাদমেলত মনোজ গগৈৰ বিৰুদ্ধে মৰাণ আৰক্ষীয়ে ভুৱা গোচৰ জাপি দিয়া বুলি অভিযোগ কৰে।

তেওঁ মৰাণ আৰক্ষীক নেতাজনৰ বিৰুদ্ধে তোলা গোচৰ শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনাই। ইয়াৰ অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি শইকীয়াই কয়।

Related News