• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAAত “ঋণাত্মক” দিশ দেখিছে অসমৰ বিজেপি বিধায়কে, বাংলাদেশৰ জনজাতিৰ বাবে “বিশেষ ব্যৱস্থা” দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2020 7:28 pm
Dr Numal Momin: Assam BJP MLA finds ‘negativity’ in CAA, demands ‘special provisions’ for tribals of Bangladesh

ডাঃ নুমল মমিন। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে অসমৰ এজন বিজেপি বিধায়কে সংশোধিত নাগৰিকত্ব আইনখনত ‘ঋণাত্মক’ দিশ দেখিছে আৰু জনজাতিৰ বাবে ‘বিশেষ ব্যৱস্থা’ দাবী কৰিছে।

CAAৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে যোৱা ডিচেম্বৰৰ পৰা বৃ্হৎ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Apply Now

প্ৰতিবাদী সংগঠনসমূহে দাবী কৰি আহিছে যে নাগৰিকত্ব আইনখন অসমৰ মানুহৰ ৰাজনৈতিক স্বাৰ্থৰ বিৰোধী, আৰু ই ৰাজ্যৰ জন গাঁথনিৰ পৰিৱৰ্তন কৰিব।

পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগকে ধৰি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিবাদ বিয়পি যায়।

তাৎপৰ্য্যপূৰ্ণভাৱে, নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ৰ সাক্ষাৎকাৰভিত্তিক অনুষ্ঠান দি ফ’ৰ্থ পিলাৰত বিজেপি বিধায়ক ডাঃ নুমল মমিনে CAAৰ ‘ঋণাত্মক’ দিশৰ ওপৰত আলোকপাত কৰে।

বাস্তৱত ডাঃ মমিন নাগৰিকত্ব সংশোধনী আইন ২০১৯ত ‘ঋণাত্মক’ দিশ দেখা পোৱা ভাৰতৰ প্ৰথমগৰাকী বিজেপি নেতা।

মতভেদ সত্ত্বেও এন ডি এই পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ‘নিপীড়িত’ হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, পাৰ্ছি আৰু বৌদ্ধধৰ্মীসকলক নাগৰিকত্ব দিয়াৰ বাবে CAA পাছ কৰিলে।

“নাগৰিকত্ব সংশোধন আইনৰ একমাত্ৰ ঋণাত্মক দিশ হৈছে ৩১ ডিচেম্বৰ, ২০১৪ কাট অফ ডেট,” বোকাজানৰ বিজেপি বিধায়ক ডাঃ মমিনে কয়।

চিকিৎসকৰ পৰা ৰাজনীতিক হোৱা মমিন কাৰ্বি আংলঙৰ গাৰো জনজাতিৰ। তেওঁ সজোৰে দাবী কৰে যে বাংলাদেশৰ জনজাতীয়সকলৰ কাৰণে CAAত বিশেষ ব্যৱস্থা থাকিব লাগে।

বাংলাদেশৰ টাংগাইল, জামালপুৰ, শ্বেৰপুৰ, নেত্ৰকনা, মৈমনসিং, ৰংপুৰ, চুনামগঞ্জ, ছিলেট আৰু মৌলবীবজাৰ জিলাত গাৰোসকলৰ বৃ্হৎ জনবসতি আছে।

গাৰোৰ উপৰি বাংলাদেশৰ উত্তৰ আৰু উত্তৰ-পূব অংশত ৰাভা, হাজং, বড়ো, কাৰ্বি আৰু খাছিৰ বৃ্হৎ জনবসতি আছে।

“যিহেতু বাংলাদেশত গাৰোসকল খ্ৰীষ্টান আৰু তেওঁলোকৰ কিছু এতিয়াও হিন্দু, আৰু যদি তেওঁলোক নিপীড়িত হয়, CAAৰ জৰিয়তে ভাৰতত নাগৰিকত্ব পাব,” তেওঁ কয়।

বিজেপি বিধায়কগৰাকীয়ে গভীৰ উদ্বেগেৰে কয় যে ২০১৪ৰ ৩১ ডিচেম্বৰ সময়সীমা ঢুকি পোৱা বাংলাদেশৰ জনজাতীয়সকলৰ বাহিৰত আৰু বৃ্হৎ সংখ্যক জনজাতীয় বাদ পৰিছে, আৰু তেওঁলোক নিপীড়িত।

“নাগৰিকত্ব সংশোধন আইনে এতিয়া তেওঁলোকক তেওঁলোকৰ জীৱন বচোৱাৰ বাবে ভাৰতলৈ অহাত বাধা দিছে,” অসম বিজেপিৰ মুখপাত্ৰৰ পদবীতো থকা ডাঃ মমিনে কয়।

বিজেপি বিধায়কজনে কয় যে CAAত যদি বিশেষ ব্যৱস্থা শীঘ্ৰে কৰা নহয়, তেন্তে বাংলাদেশৰ গাৰো আৰু অন্যান্য জনজাতীয়্সকল হয় ইছলামলৈ ধৰ্মান্তৰিত হ’ব লাগিব নহয় মৃত্যু সাৱটিব লাগিব।

“তেওঁলোক জনজাতীয়, আৰু তেওঁলোক যদি জীৱন বচোৱাৰ বাবে উত্তৰ-পূব ভাৰতলৈ আহিব খুজিছে, তেন্তে আমি তেওঁলোকক সহায় কৰিব লাগে,” ডাঃ মমিনে কয়।

যদিও ডাঃ মমিন CAAৰ পক্ষত আছে, আৰু আনকি বাংলাদেশৰ জনজাতীয়ৰ বাবে বিশেষ ব্যৱস্থাৰ বাবে প্ৰচাৰ চলাই আছে, মেঘালয়ৰ লোকসকলে CAAক ইতিমধ্যে নাকচ কৰিছে।

CAAৰ বিষয়ে অসমৰ বিজেপি বিধায়কজনৰ দৃষ্টিভংগীৰ প্ৰতি কনফেডাৰেচন অৱ মেঘালয় চ’চিয়েল অৰ্গেনাইজেচনকে ধৰি প্ৰেছাৰ গ্ৰুপসমূহে কিদৰে প্ৰতিক্ৰিয়া কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd