• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAAত “ঋণাত্মক” দিশ দেখিছে অসমৰ বিজেপি বিধায়কে, বাংলাদেশৰ জনজাতিৰ বাবে “বিশেষ ব্যৱস্থা” দাবী

Nenow এন ই নাও নিউজ
গুৱাহাটী , March 18, 2020 7:28 pm

3 min read

Dr Numal Momin: Assam BJP MLA finds ‘negativity’ in CAA, demands ‘special provisions’ for tribals of Bangladesh

ডাঃ নুমল মমিন। ছবি- নৰ্থইষ্ট নাও।

1.9k
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে অসমৰ এজন বিজেপি বিধায়কে সংশোধিত নাগৰিকত্ব আইনখনত ‘ঋণাত্মক’ দিশ দেখিছে আৰু জনজাতিৰ বাবে ‘বিশেষ ব্যৱস্থা’ দাবী কৰিছে।

CAAৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে যোৱা ডিচেম্বৰৰ পৰা বৃ্হৎ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

প্ৰতিবাদী সংগঠনসমূহে দাবী কৰি আহিছে যে নাগৰিকত্ব আইনখন অসমৰ মানুহৰ ৰাজনৈতিক স্বাৰ্থৰ বিৰোধী, আৰু ই ৰাজ্যৰ জন গাঁথনিৰ পৰিৱৰ্তন কৰিব।

পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগকে ধৰি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিবাদ বিয়পি যায়।

তাৎপৰ্য্যপূৰ্ণভাৱে, নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ৰ সাক্ষাৎকাৰভিত্তিক অনুষ্ঠান দি ফ’ৰ্থ পিলাৰত বিজেপি বিধায়ক ডাঃ নুমল মমিনে CAAৰ ‘ঋণাত্মক’ দিশৰ ওপৰত আলোকপাত কৰে।

বাস্তৱত ডাঃ মমিন নাগৰিকত্ব সংশোধনী আইন ২০১৯ত ‘ঋণাত্মক’ দিশ দেখা পোৱা ভাৰতৰ প্ৰথমগৰাকী বিজেপি নেতা।

মতভেদ সত্ত্বেও এন ডি এই পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ‘নিপীড়িত’ হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, পাৰ্ছি আৰু বৌদ্ধধৰ্মীসকলক নাগৰিকত্ব দিয়াৰ বাবে CAA পাছ কৰিলে।

“নাগৰিকত্ব সংশোধন আইনৰ একমাত্ৰ ঋণাত্মক দিশ হৈছে ৩১ ডিচেম্বৰ, ২০১৪ কাট অফ ডেট,” বোকাজানৰ বিজেপি বিধায়ক ডাঃ মমিনে কয়।

চিকিৎসকৰ পৰা ৰাজনীতিক হোৱা মমিন কাৰ্বি আংলঙৰ গাৰো জনজাতিৰ। তেওঁ সজোৰে দাবী কৰে যে বাংলাদেশৰ জনজাতীয়সকলৰ কাৰণে CAAত বিশেষ ব্যৱস্থা থাকিব লাগে।

বাংলাদেশৰ টাংগাইল, জামালপুৰ, শ্বেৰপুৰ, নেত্ৰকনা, মৈমনসিং, ৰংপুৰ, চুনামগঞ্জ, ছিলেট আৰু মৌলবীবজাৰ জিলাত গাৰোসকলৰ বৃ্হৎ জনবসতি আছে।

গাৰোৰ উপৰি বাংলাদেশৰ উত্তৰ আৰু উত্তৰ-পূব অংশত ৰাভা, হাজং, বড়ো, কাৰ্বি আৰু খাছিৰ বৃ্হৎ জনবসতি আছে।

“যিহেতু বাংলাদেশত গাৰোসকল খ্ৰীষ্টান আৰু তেওঁলোকৰ কিছু এতিয়াও হিন্দু, আৰু যদি তেওঁলোক নিপীড়িত হয়, CAAৰ জৰিয়তে ভাৰতত নাগৰিকত্ব পাব,” তেওঁ কয়।

বিজেপি বিধায়কগৰাকীয়ে গভীৰ উদ্বেগেৰে কয় যে ২০১৪ৰ ৩১ ডিচেম্বৰ সময়সীমা ঢুকি পোৱা বাংলাদেশৰ জনজাতীয়সকলৰ বাহিৰত আৰু বৃ্হৎ সংখ্যক জনজাতীয় বাদ পৰিছে, আৰু তেওঁলোক নিপীড়িত।

“নাগৰিকত্ব সংশোধন আইনে এতিয়া তেওঁলোকক তেওঁলোকৰ জীৱন বচোৱাৰ বাবে ভাৰতলৈ অহাত বাধা দিছে,” অসম বিজেপিৰ মুখপাত্ৰৰ পদবীতো থকা ডাঃ মমিনে কয়।

বিজেপি বিধায়কজনে কয় যে CAAত যদি বিশেষ ব্যৱস্থা শীঘ্ৰে কৰা নহয়, তেন্তে বাংলাদেশৰ গাৰো আৰু অন্যান্য জনজাতীয়্সকল হয় ইছলামলৈ ধৰ্মান্তৰিত হ’ব লাগিব নহয় মৃত্যু সাৱটিব লাগিব।

“তেওঁলোক জনজাতীয়, আৰু তেওঁলোক যদি জীৱন বচোৱাৰ বাবে উত্তৰ-পূব ভাৰতলৈ আহিব খুজিছে, তেন্তে আমি তেওঁলোকক সহায় কৰিব লাগে,” ডাঃ মমিনে কয়।

যদিও ডাঃ মমিন CAAৰ পক্ষত আছে, আৰু আনকি বাংলাদেশৰ জনজাতীয়ৰ বাবে বিশেষ ব্যৱস্থাৰ বাবে প্ৰচাৰ চলাই আছে, মেঘালয়ৰ লোকসকলে CAAক ইতিমধ্যে নাকচ কৰিছে।

CAAৰ বিষয়ে অসমৰ বিজেপি বিধায়কজনৰ দৃষ্টিভংগীৰ প্ৰতি কনফেডাৰেচন অৱ মেঘালয় চ’চিয়েল অৰ্গেনাইজেচনকে ধৰি প্ৰেছাৰ গ্ৰুপসমূহে কিদৰে প্ৰতিক্ৰিয়া কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd