NORTHEAST NOW (Assamese)

নিয়োগ মেলাৰ নামত বৰপেটাত ভেকোভাওনা, বৰপেটাৰ মন্দিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

December 24, 2021 5:46 pm · পুলেন্দ্ৰ দাস, বৰপেটা

ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যৰ ৮ খন জিলাত অনুষ্ঠিত কৰা নিয়োগ মেলাত নিবনুৱা যুৱক যুৱতীৰ সপোনৰ সৈতে হেতালি খেলা কাৰ্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ৷

অসম চৰকাৰৰ এই নিয়োগ মেলাত শিক্ষিত যুৱক যুৱতীক কৰ্ম সংস্থাপনত নিয়োজিত কৰাৰ বাবে আয়োজন কৰা হৈছিল এই নিয়োগ মেলাৰ।

কিন্তু এই নিয়োগ মেলা একপ্ৰকাৰ প্ৰতাৰণা আৰু প্ৰহসনত পৰিণত হোৱা পৰিলক্ষিত হ’ল৷ এই নিয়োগ মেলাত শিক্ষিত যুৱক যুৱতীৰ পৰা বায়’ডাটা আৰু নথি প্ৰত্ৰ সংগ্ৰহ কৰি সেইবোৰ মাটিত পেলাই থোৱাত ক্ষুব্ধ হৈ পৰিছিল দূৰ দূৰনিৰ পৰা অহা চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক যুৱতী সকল।

বৰপেটাত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছোৱালী আৱাস কেন্দ্ৰত অনুষ্ঠিত কৰিছিল নিয়োগ মেলাৰ৷ নিয়োগ মেলাৰ নামত বৰপেটাতো নিবনুৱা শিক্ষিত যুৱক যুৱতী সকলক এক প্ৰকাৰ প্ৰতাৰণা কৰা হৈছিল।

এই ঘটনাৰ প্ৰতিবাদত আজি বৰপেটাৰ মন্দিয়াত বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সদস্য সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ছাত্ৰ মুক্তিৰ সদস্য সকলে অসম চৰকাৰৰ হায় হায়, নিবনুৱা যুৱক যুৱতীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে৷

পুত্তলিকা দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সভাপতি জেহেৰুল ইছলাম, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ শিক্ষা সম্পাদক লোকমান আলীৰ লগতে কেইবা গৰাকীক মন্দিয়া আৰক্ষীয়ে আটক কৰে৷

Related News