• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ: ‘প্ৰাক্তন মুছলমান’ৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2021 6:04 pm
Haridwar Hate Speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ধৰ্মৰক্ষাৰ বাবে সকলো হিন্দুৱে হাতত অস্ত্ৰ তুলি ল’ব। এইবাৰ চাফাই অভিযান চলাব লাগিব!’’ এনেধৰণৰ উচটনিমূলক ঘৃণাভৰা বক্তব্যই জোকাৰি গৈছে দেশ। যোৱা কিছু বছৰধৰি হিন্দুত্ববাদী নেতাসকলে এনেধৰণে বক্তব্য আগবঢ়াই আহিছে।

শেহতীয়াকৈ যোৱা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে পৱিত্ৰ চহৰ হৰিদ্বাৰত এখন গোপন ধৰ্ম সংসদঅনুষ্ঠিত হৈ যায়। এই ধৰ্ম সংসদতো বক্তাসকলে অজস্ৰ ইছলাম ধৰ্মৰ বিৰুদ্ধে অজস্ৰ ঘৃণা আৰু উচটনিমূলক বক্তব্য আগবঢ়ায়। এই ধৰ্ম সংসদৰ প্ৰধান আয়োজক আছিল গাজিয়াবাদৰ বিতৰ্কিত ধৰ্মগুৰু যতি নৰসিংহনন্দ। এই সম্পৰ্কত উত্তৰাখণ্ড আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

Apply Now

লক্ষ্যণীয়ভাৱে এই ধৰ্ম সংসদৰ মূল আলোচনাৰ বিষয়টোও সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু অসংবিধানিক। আলোচনাৰ বিষয়বস্তু হিচাপে লোৱা হৈছিল ভাৰত এসময়ত ইছলামিক হৈ পৰিব আৰু ২০২৯চনত দেশৰ প্ৰধানমন্ত্ৰী মুছলমান হ’ব। তাত হিন্দুত্ববাদী ধৰ্মগুৰুসকলে মুছলিমৰ বিৰুদ্ধে গণহত্যাৰ উচটনি দিয়াৰ ভিডিঅ’ ক্লিপসমূহ বুধবাৰে ভাইৰেল হৈ পৰে। তাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনকি কিংম্বদন্তি মাৰ্কিন টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাইও টুইটাৰত এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে। তাত তাৰকাগৰাকীয়ে প্ৰশ্ন কৰিছে যে ভাৰতত এইবোৰ কি হৈ আছে?

ভাইৰেল হৈ পৰা ভিডিঅ’ ক্লিপ এটাত হিন্দু ৰক্ষা সেনা নামৰ এটা সংগঠনৰ প্ৰবোধানন্দ গিৰিয়ে বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে। তেওঁ উদ্দাত্ত কণ্ঠেৰে কৈছে যে আৰক্ষী, সেনা, ৰাজনীতিক তথা হিন্দু সম্প্ৰদায়ৰ সকলো লোকে হাতত অস্ত্ৰ তুলি লোৱাৰ প্ৰয়োজন। মুছলিমৰ বিৰুদ্ধে ‘চাফাই অভিযান’ চলাবলৈও তেওঁ প্ৰৰোচনা দিয়ে।

আনহাতে, সাধ্বী অন্নপূৰ্ণা নামৰ আন এগৰাকী বক্তাই কোৱা শুনা গৈছে যে এনেকুৱা ১০০জন যোদ্ধাৰ প্ৰয়োজন, যিয়ে মুছলিমৰ ২০ লাখ লোকক হত্যা কৰিব। আনকি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক হত্যা কৰাৰ পৰিকল্পনাৰ কথাও ধৰ্ম সংসদত উত্থাপন হয়। স্বামী ধৰমদাস মহাৰাজে কয় যে সুযোগ পোৱা হ’লে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক হত্যা কৰিলেহেঁতেন। নাথুৰাম গডছেক অনুসৰণ কৰি এটা ৰিভলভাৰেৰে ৬বাৰ বুকুত গুলী কৰিলোহেঁতেন।

আনহাতে, আৰক্ষীয়ে ৰুজু কৰা গোচৰটোক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছে। অনুষ্ঠানটোত কেইবাজনো বক্তাই উচটনিমূলক সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিছিল। কিন্তু কেৱল জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ এজন লোকৰ ওপৰত গোচৰ তৰা হৈছে। এই জিতেন্দ্ৰ নাৰায়ণ ত্যাগী হৈছে চলিত মাহৰ প্ৰথমফালে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু হোৱা ৱাছিম ৰিজৱী।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ ছিয়া ৱাকফ বৰ্ডৰ মুৰব্বী ৰিজৱীৰ এই ধৰ্ম পৰিবৰ্তনে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু হৰিদ্বাৰৰ এই ঘটনাটোত কিয় তেওঁক মুখ্য কৰি গোচৰ তৰা হৈছে সেয়া তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। কোৱা হৈছে যে তাত তেওঁ ইছলাম ধৰ্মৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল।

লক্ষ্যণীয়ভাৱে উক্ত বিতৰ্কিত ধৰ্ম সংসদত জ্যেষ্ঠ বিজেপি নেতা অশ্বিনী উপাধ্যায় আৰু উদিতা ত্যগীও উপস্থিত আছিল। উল্লেখযোগ্য যে বিজেপি নেতা অশ্বিনী উপাধ্যায়েই ইয়াৰ পূৰ্বে মুছলিমৰ বিৰুদ্ধে হিংসাত্মক প্ৰৰোচনা কৰাৰ বাবে দিল্লীত গ্ৰেপ্তাৰো হৈছিল। হৰিদ্বাৰত হোৱা ধৰ্ম সংসদৰ আয়োজকসকলো বিজেপিৰ স’তে সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।

ধৰ্ম সংসদৰ ক্লিপসমূহ চোৱাৰ পাছত যিকোনো সচেতন তথা প্ৰগতিকামী ভাৰতীয়ৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশ্ন উত্থাপন হৈছে- ২০১৪ চনত নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত দেশত এইবোৰ কি হৈ আছে? ভাৰতৰ সংবিধানবিৰোধী এনেধৰণৰ বক্তব্যসমূহে দেশৰ প্ৰতিচ্ছৱি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ম্লান কৰি তোলা নাইনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm
ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd