‘মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ অধীনত ধুবুৰীত ৮ বিধৱা মহিলাক চেক বিতৰণ

dhubri

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ‘মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ অধীনত ধুবুৰী জিলাৰ আঠগৰাকী স্বামীহাৰা মহিলাৰ প্ৰতিগৰাকীকে আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰে৷

ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত অন্বামুথন এম পিসহিতে আন আন বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে চেকবোৰ বিতৰণ কৰে৷

চেক বিতৰণৰ পূৰ্বে কোভিডে আপোনজনক কাঢ়ি নিয়া বিধৱা মহিলাসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয়-‘আপোনালোকে মনোবল নেহেৰুৱাব৷ অসম চৰকাৰ আপোনালোকৰ লগত আছে৷ আপোনালোকৰ প্ৰতি থকা আমাৰ চৰকাৰৰ শ্ৰদ্ধা আৰু মৰমৰ চিন হিচাপে ধনৰাশি আপোনালোকলৈ আগবঢ়াইছো৷ আপোনালোকে নিজৰ সন্তানক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব৷’

এই আঁচনিৰ অধীনত বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন থকা পৰিয়ালৰ বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয়৷

ধুবুৰীত প্ৰথম পৰ্যায়ত আঠ গৰাকী মহিলাক সাহায্য প্ৰদান কৰা হৈছে আৰু পৰৱৰ্তী সময়ত কোভিডত স্বামীৰ মৃত্যু হোৱা দুখীয়া পৰিয়ালৰ সকলো মহিলাক এই আঁচনিত সামৰি লোৱা হ’ব৷

আজি চেক বিতৰণ কাৰ্যসূচীত ধুবুৰীৰ জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী প্ৰমুখ্যে কেবাগৰাকী বিষয়া উপস্থিত থাকে৷