কোকৰাঝাৰত ১৬৬৯ জন প্ৰাক্তন NDFB সদস্যক পুনৰ সংস্থাপনৰ চেক বিতৰণ

কোকৰাঝাৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত BTR শান্তি চুক্তিৰ অনুযায়ী মূলসূঁতিলৈ উভতি অহা প্ৰাক্তন NDFB সদস্যক পুনৰ সংস্থাপনৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই |

দেওবাৰে বাক্সাৰ তামুলপুৰত ১১০৫ জন সদস্যক পুনৰ সংস্থাপনৰ চেক প্ৰদানৰ পিছত আজি পুনৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৬৬৯ গৰাকী সদস্যক চাৰি লাখ টকাৰ চেক আনুষ্ঠানিকভাবে প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই |

উক্ত সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ইউ জি ব্রহ্ম, অশোক সিংহাল, বিধায়ক লোৰেন্স ইছলাৰী, গোবিন্দ চন্দ্ৰ বসুমতাৰী, অসম পুলিচ ৰ ADGP (SB) হীৰেন নাথ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়, বিটিচিৰ ই এম ৰঞ্জিত বসুমতাৰী আদি ব্যক্তিসকল।

NDFB ৰ গোচৰসমূহ শীঘ্ৰে পৰ্যায়ক্ৰমে সমাপ্ত হোৱাৰ দিশত বুলি মুখ্যমন্ত্ৰীয়ে কয় | বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হোৱাৰ দিশত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আন এটা সশস্ত্ৰ সংগঠন KLO মূলসুঁতিলৈ উভতি অহাৰ পথত।
মুখ্যমন্ত্ৰীয়ে লগতে নাগালেণ্ড কাণ্ডকলৈ উক্ত অনুষ্ঠানতে দুখ প্ৰকাশ|