কি যে হ’ব! জলাশয়ত পৰিল বিষয়াৰ দামী ফোন; উদ্ধাৰৰ বাবে সিঁচি পেলোৱা হ’ল ২১ লাখ লিটাৰ পানী

ফটো: সংগ্ৰহীত।

বিষয়াজনৰ দামী ফোনটো জলাশয় এটাত পৰি গৈছিল। আৰু সেই ফোনটো বিচাৰি উলিয়াবলৈ সেই জলাশয়টোৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচি পেলালে বিষয়াজনে। বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। ছত্তীশগড়ৰ কইলিবেৰা ব্লকৰ খাদ্য বিষয়া।

বিষয়াগৰাকীৰ প্ৰায় লাখ টকীয়া ফোনটো জলাশয়টোত পৰি গৈছিল। তাতেই অফিচাৰৰ ফোন বুলি এটা কথা। স্থানীয় লোকে লগে লগে পানীত জঁপিয়াই ফোনটো উদ্ধাৰৰ চেষ্টা কৰে। কিন্তু শিলৰ বাবে ফোনটো পোৱা নগ’ল। সূত্ৰ অনুসৰি, তেতিয়া বিষয়াগৰাকীয়ে ফোনটো ঘূৰাই পাবলৈ জলাশয়টোৰ পৰা পানী সিঁচিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত আৰম্ভ হয় পানী সিঁচাৰ কাম।

লগতে পঢ়ক: মুক্তি পালে ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ ছবিৰ ট্ৰেইলাৰ; পৰিচালকলৈ আইনী জাননী

জানিব পৰা মতে, সোমবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় পানী নিষ্কাশনৰ কাম। এই কাম বৃহস্পতিবাৰলৈকে চলি থাকে। বিষয়াজনে নিজৰ ফোনটোৰ বাবে জলাশয়ৰ বহুমূলীয়া পানী উলিয়াই পেলাই দিলে। অৱশেষত জলসিঞ্চন বিভাগে হস্তক্ষেপ কৰে। কাৰণ সেই জলাশয়ৰ পানীৰে কমেও ১৫০০ একৰ খেতি কৰা মাটিত জলসিঞ্চন কৰিব পৰা গ’লহেঁতেন। সেই পানীয়েই এনেদৰে পেলাই দিয়া হ’ল। মানে অপচয় কৰা হ’ল। বিষয়াজন ইমানেই প্ৰতিপত্তিশালী!

ইপিনে, বিষয়াগৰাকীয়ে দাবী কৰে যে ফোনটোত বিভিন্ন চৰকাৰী তথ্য আছে। সেয়ে পানী সিঁচিব লগা হ’ল। তেওঁ দাবী কৰে যে তেওঁ এছ ডি অ’ৰ পৰা মৌখিক অনুমতি লৈছিল। তিনি-চাৰি ফুট পানী উঠোৱাটো একো ডাঙৰ কথা নহ’ব বুলিও তেওঁ কয়। তেওঁৰ মতে ই কৃষকসকলৰ বাবে বৰং উপকাৰীহে হ’ব।

লগতে পঢ়ক: চাণক্য নীতি: পত্নী থকাৰ পিছতো এজন পুৰুষ কিয় আন মহিলাৰ প্ৰতি আকৰ্ষিত হয়? আঁৰত ৫টা কাৰণ

স্থানীয় লোকৰ সহায়ত এই কাম কৰি ফোনটো ঘূৰাই পোৱা বুলি দাবী কৰে বিষয়াগৰাকীয়ে। কিন্তু ইপিনে ইমান উৎকট গৰম। খাল-বিল শুকাই গৈছে। তাতেই অঞ্চলটোত পানীৰ অভাৱ। এনে পৰিস্থিতিত পানী নিষ্কাশন কৰাটো কিমান যুক্তিসংগত সেই প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন ৰৈ গৈছে যে নিজৰ ফোনটো বচাবলৈ বিষয়াগৰাকীয়ে কেনেকৈ ইমানবোৰ কৃষকৰ ভূমি সংকটত পেলাই বহুমূলীয়া পানী কিয় অপচয় কৰিলে?