ভাৰ্চুৱেল বৈঠকত ৰিপুন বৰাক ধমক পি চিদাম্বৰমৰ; ৰিপুন বৰাই ক’লে “Sorry Sir”

পি. চিদাম্বৰমৰ ফোন ৰিচিভ নকৰি কি গালি খালে ৰিপুন বৰাই?

a chida

১ জানুৱাৰীৰ পৰা সংবাদমেল পাতি মছলাযুক্ত বক্তব্য ৰাখিম বুলি ঘোষণা কৰাৰ পাছৰ পৰা এটাৰ পাছত আন এটা বিপদে লগ নেৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

যোৱা ১ জানুৱাৰীৰ দিনা সংবাদমেল অনুষ্ঠিত কৰাৰ পূৰ্বে সংবাদমাধ্যমৰ কেমেৰা অন হৈ থকা গম নাপাই সাংসদ গৌৰৱ গগৈৰ কাণে কাণে ‘প্ৰতিশ্ৰুতিবোৰ কৈ দিওঁ পাছত পূৰণ কৰাৰ ক্ষেত্ৰত যি হয় হ’ব’ বুলি কৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছিল ৰিপুন বৰা।

তাৰ পাছত আজি পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইন বিভাগৰ উদ্যোগত অনুষ্ঠিত “ৰাজ্যিক আইন অভিবর্তন” ভাৰ্চুৱেল মাধ্যমত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে “ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি প্ৰত্যাহ্বান আৰু ভাবুকি” শীৰ্ষক বিষয়ত বক্তব্য ৰখাৰ পূৰ্বে ফোনযোগে ধমক দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক।

যিখিনি মন্তব্য পি. চিদাম্বৰমৰ ভাৰ্চুৱেল কেমেৰা অন ৰখাৰ বাবে উপস্থিত সকলোৱে শুনিবলৈ পাইছিল। অৱশ্যে, ধমক দি থকা অৱস্থাতে চিদাম্বৰমৰ কেমেৰা মিউট কৰি দিয়ে ভাৰ্চুৱেল মাধ্যমৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়ববীয়াই।

ফোনযোগে বৰাক চিদাম্বৰমে ধমক দি কৈছিল ‘মিঃ বৰা, কোনোবাই আপোনাৰ ফোনটো ৰিচিভ কৰিব পাৰে। মই বাৰেপতি ফোন কৰি আছো আপোনাক।‘

‘যদি আপুনি ফোনটো ৰিচিভ কৰিব নোৱাৰে তেন্তে কোনোবাইতো ফোনটো ধৰিব পাৰে। আপোনাক চাৰি পাঁচবাৰ ফোন কৰি আছো আপুনি ৰিচিভ কৰা নাই, এইটোৱেই আপোনাৰ প্ৰব্লেম।‘ এইদৰে ৰিপুন বৰাক ধমক দিয়ে পি. চিদাম্বৰমে।

তাৰ পাছতে ৰিপুন বৰাই ‘Sorry Sir’ বুলি কোৱা আমাৰ সাংবাদিকে শুনিবলৈ পায়।

উল্লেখযোগ্য যে, আই.টি.এ মাছখোৱাত পুৱা ১০:৩০ বজাৰ পৰা উক্ত ‘আইন অভিৱৰ্তন’ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ১১ বজাৰ পাছতহে আৰম্ভ হৈছিল। হয়তো সেইবাবেই ৰিপুন বৰাৰ ওপৰত খঙত টিঙিৰিতুলা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি. চিদাম্বৰম।