NORTHEAST NOW (Assamese)

মৰিগাঁও জিলা প্ৰশাসনৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়াৰ বৈঠক

December 12, 2020 6:37 pm · চানু গগৈ

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি দিনৰ ১২ বজাত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰী নিতীন খাড়ে (IAS) উপস্থিত হৈ সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয় ।

বৈঠকত জিলা খনৰ ৰাজহ চক্ৰ সমূহৰ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, BLO, BLO চুপাৰভাইজাৰ,  চৰকাৰী গাঁওবুঢ়া আৰু নিৰ্বাচন বিভাগৰ কৰ্মচাৰী সকলক উপস্থিত থাকে।

  বৈঠকত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ আগতে নতুন ভোটাৰৰ নাম পঞ্জীভূক্ত কৰাৰ উপৰি সংশোধনীৰ কাম খৰতকীয়া কৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে নিৰ্দেশ দিয়ে আৰু সকলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় ।
আজিৰ এই বৈঠকত নিৰ্বাচন বিভাগৰ উপ-সচিব শ্ৰী লক্ষীনন্দন চহৰীয়া(ACS) , জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাস, অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা উপস্থিত আছিল ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা জানিবলৈ দিয়ে জিলা তথ্য আৰু জনসংযোগ বিষয়া  সুনীতি নাৰ্জাৰীয়ে

Related News