বাঘজানৰ সমস্যা সমাধানৰ বাবে ২৭ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

ফটো : নৰ্থ-ইষ্ট নাও

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে তিনিচুকীয়া জিলাৰ বাঘজানৰ গেছ কূপৰ অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়।

বাঘজান পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে অঞ্চলটোৱে ভুগি অহা বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ২৭ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে।

ইয়াৰ উপৰি উক্ত অঞ্চলটোত এখন আদৰ্শ চিকিৎসালয়, এখন পশু চিকিৎসালয় আৰু এখন আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

তদুপৰি, তিনিচুকীয়া-বাঘজান পথৰ উন্নয়ন, অইল আৰু ৰাজ্য চৰকাৰৰ যুটীয়া পদক্ষেপেৰে মাগুৰী-মটাপুং বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ লগতে মহিলা আত্ম-সহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে।

মন কৰিব লগীয়া যে বাঘজানৰ তৈল ক্ষেত্ৰৰ জুইয়ে ক্ষতিগ্ৰস্ত কৰা লোকসকলে বৰ্তমান আশ্ৰয় লৈ থকা দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সাহায্য শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্য মন্ত্ৰী সোণোৱাল উপস্থিত হৈ তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰাৰ লগতে গেছ কূপৰ অগ্নি নিৰ্বাপণৰ বাবে অইলে গ্ৰহণ কৰা পদক্ষেপত সকলোৰে পূৰ্ণ সহযোগিতা বিচাৰে।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যদি কোনো ব্যক্তিৰ অৱহেলাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে তেন্তে সেইসকলৰ বিৰুদ্ধে প্ৰতিবেদন লাভ কৰাৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।