NORTHEAST NOW (Assamese)

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকা : ৩১ মাৰ্চলৈ ৰাজহুৱা সভা-সমিতিত অংশগ্ৰহণ নকৰে মুখ্য মন্ত্ৰী সোণোৱালে

March 13, 2020 8:56 pm · এন ই নাও নিউজ
Updated: March 13, 2020 8:57 pm
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শৱলীৰ পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৩১ মাৰ্চলৈ জনসমাৱেশৰ কোনো অনুষ্ঠান তথা সভা-সমিতিত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি ৰাইজকো এই দিশত অধিক সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনাইছে।

আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে কেৱল সাৱধানতাৰ জৰিয়তেহে এই সংক্ৰমণৰ পৰা জনসাধাৰণে হাত সাৰিব পাৰিব।

জনসাধাৰণে অযথা কৰ’না ভাইৰাছক লৈ আতংকিত নহৈ স্বাস্থ্য বিভাগে প্ৰদান কৰা পৰমাৰ্শৱলী সঠিকভাৱে মানি এই ৰোগৰ সংক্ৰমণৰ পৰা নিজকে মুক্ত হৈ থকাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

এই ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ সচেতন ব্যক্তিসকলে জনসচেতনতা সৃষ্টিৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

ৰাজ্যখনৰ জনসাধাৰণ যাতে নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকে তাৰ বাবেও ভগৱানৰ ওচৰত মুখ্য মন্ত্ৰী সোণোৱালে প্ৰাৰ্থনা জনায়।

Related News