‘অভিনন্দন’ আঁচনিৰ হিতাধিকাৰী শিক্ষাৰ্থীলৈ অনুমোদন পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

DSC_8074(1)

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত ‘অভিনন্দন’ আঁচনিৰ অধীনত শিক্ষা খণ্ডৰ ৰাজসাহায্যৰ বাবে মঞ্জুৰ কৰা হিতাধিকাৰীসকললৈ আনুষ্ঠানিকভাৱে অনুমোদনপত্ৰ প্রদান কৰে।

উল্লেখ্য যে এই আঁচনিৰ অধীনত শৈক্ষিক খ।ণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকললৈ ৫০ হাজাৰ টকাপৰ্যন্ত এককালীন ৰাজসাহায্য প্রদানৰ ব্যৱস্থা লোৱা হৈছে।

আঁচনিখনৰ অধীনত ২০১৯ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত ১৫৪৫ গৰাকী শিক্ষাৰ্থীয়ে এই ৰাজসাহায্য লাভ কৰাৰ উপৰি আজি ৪৫০৭ গৰাকী শিক্ষাৰ্থীলৈ এই ৰাজসাহায্যৰ পুঁজি তেওঁলোকৰ খণ একাউণ্টলৈ প্রত্যক্ষভাৱে হস্তান্তৰ কৰা হয়।

এই আঁচনিখনৰ অধীনত এতিয়ালৈকে সৰ্বমুঠ ৬০৫২ গৰাকী শৈক্ষিক ক্ষণ লাভ কৰা শিক্ষাৰ্থী উপকৃত হৈছে। আজি এই প্রক্ৰিয়াৰ জৰিয়তে সৰ্বমুঠ ২২ কোটি টকা শিক্ষাৰ্থীসকলৰ ণ একাউণ্টলৈ হস্তান্তৰিত হ’ব।

অনুষ্ঠানত বক্তব্য প্রদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অভিনন্দন তথা অন্যান্য বহুসংখ্যক আঁচনিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰে প্রদান কৰা এই সা-সুবিধাৰ সদব্যৱহাৰ কৰি নিজকে দক্ষ, যোগ্য মানৱ সম্পদ হিচাপে ৰাষ্ট্ৰৰ লগতে বিশ্বৰ বুকুত উজলি উঠিব লাগিব।

২০১৬ চনত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা শিক্ষা তথা বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুসংখ্যক ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি বৰ্তমানলৈকে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যখনৰ ৫২ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে বুলিও তেওঁ কয়।

অসমৰ নৱ প্রজন্মৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ বাবে বৰ্তমানৰ চৰকাৰে ৰাজ্যখনত নতুনকৈ ৮ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ, ৯ খন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ, ৩২ খন পলিটেকনিক, মঙলদৈত স্কীল ইউনিভাৰচিটি, মাজুলীত সাংস্কৃতিক বিশ্বদ্যালয়, চাবুৱাত জ্ৰীত্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, চাংসাৰিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান, গোগামুখত ‘ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ প্রতিষ্ঠান, যোৰহাটত নেশ্বনেল ইনষ্টিটিউট অৱ ডিজাইন ইত্যাদিৰ লেখীয়া বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ভাষণ প্রসংগত মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিনামূলীয়া নামভৰ্ত্তি, বিনামূলীয়া পাঠ্যপুথি যোগান ইত্যাদিৰ দৰে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত বহু দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৈক্ষিক প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি কয়।

ভাষণ প্রসংগত তেওঁ এই বছৰ স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্রুয়ৰ বাবে তেওঁলোকৰ বেংক একাউণ্টলৈ প্রত্যক্ষভাৱে ক্ৰমে ২ হাজাৰ আৰু ১৫০০ টকা হস্তান্তৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলি কয়। তদুপৰি, বিগত বৰ্ষত আৰম্ভ কৰা ছাত্ৰাবাস আৰু ছবাত্ৰীনিৱাসত থকা ছাত্ৰ-ছাত্ৰীলৈ মেচ ডিউচ প্রদানৰ ধন বৰ্তমানৰ ৭৫০ টকাৰ পৰা ১ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলি তেওঁ কয়।

কোভিড-১৯ ৰ এই জটিল সময়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে লেপটপ ক্ৰয়ৰ বাবে মেধাৱী ছাত্ৰ-ছাত্তীসকললৈ প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে ২০ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি এই বছৰৰ ডিচেম্বৰ মাহত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম স্থান লাভ কৰা ছাত্ৰীসকললৈ একোখনকৈ স্কুটী প্রদান কৰা হ’ব বুলি তেওঁ কয়। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত উচ্চ শিক্ষাৰ বহুতো প্রতিষ্ঠান গঢ়ি উঠিছে বুলি উল্লেখ কৰি ২০০৬ চনত ৰাজ্যখনৰ মাত্ৰ ৩৫০ খন চিকিৎসা বিজ্ঞানৰ আসন বৰ্তমানৰ চৰকাৰৰ দিনত ১ হাজাৰখনলৈ বৃদ্ধি হৈছে বুলিও তেওঁ কয়।