শিৱসাগৰত বিশ্ব ঐতিহ্য সপ্তাহ-২০২০ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজিৰে পৰা শিৱসাগৰৰ ঐতিহাসিক নপুখুৰী প্ৰত্নতাত্বিক স্থানত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহ-২০২০ৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ব সঞ্চালকালয়ে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা সাতদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে বিশ্ব ঐতিহ্য দিৱস।

ঐতিহ্য যাত্ৰা, মঙ্গলাচৰণেৰে আৰম্ভ হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা (প্ৰত্নতত্ব) তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকা, কুশল দুৱৰী, নৱনীতা সন্দিকৈ, অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি বহি গন্য মান্য ব্যক্তি।

উক্ত অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী ব্যক্তিক ঐতিহ্য মিত্ৰ সন্মান প্ৰদান কৰা হয়। শিৱসাগৰৰ প্ৰতিষ্ঠিত কবি, নিবন্ধকাৰ, বিশিষ্ট সাংবাদিক নবীন বুঢ়াগোঁহাইৰ লগতে হোজাইৰ কৃষ্ণমণি সিং আৰু ধেমাজীৰ মুগুহা দৌল উন্নয়ণ সমিতিক মুখ্য মন্ত্ৰীয়ে ঐতিহ্য মিত্ৰ সন্মান প্ৰদান কৰে।

আনহাতে, অনুষ্ঠানত বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাই আৰু বুৰঞ্জীবিদ দিলীপ বুঢ়াগোঁহাইক ঐতিহ্য সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্য চৰকাৰে সন্মানীত কৰে।

বিশ্ব ঐতিহ্য সপ্তাহ ২০২০ উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,  অসম চৰকাৰ আহোম ৰাজত্ব কালৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে দায়বদ্ধ। বিশ্বৰ বুকুত অসমৰ মানচিনত্ৰ অংকণ কৰাৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ বুলি নিজৰ ভাষণত উল্লেখ কৰে মুখ্য মন্ত্ৰীয়ে।

ইপিনে, বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্ধোধনী অনুষ্ঠান নিদ্ধাৰিত সময়সূচীতকৈ বহু পলমকে অনুষ্ঠিত হোৱাত মুখ্য মন্ত্ৰীৰ আগমণৰ পূৰ্বে বহু লোকে সভাস্থলী ত্যাগ কৰে।

দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩ বাজি ৪০ মিনিটত উপস্থিত হোৱাত পুৱা ১০ বজাৰ পৰা ৰৈ থকা বহু লোক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ঘৰমুৱা হোৱা দেখিবলৈ পোৱা যায়।