প্ৰতি বছৰৰ অক্টোবৰ মাহৰ ভিতৰতে কৃষকসকললৈ মানসম্পন্ন বীজৰ যোগান ধৰাৰ বাবে কৃষি বিভাগক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কামৰূপ মহানগৰ জিলাৰ মালৈবাৰী অঞ্চল পৰিদৰ্শন কৰি ইয়াৰ কৃষকসকলে কৰি থকা কৃষি কাৰ্য্যৰ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে এই অঞ্চলৰ কৃষকসকলে বৰ্তমানে ধানখেতি চপাই থকা কাৰ্য্যও প্ৰত্যক্ষ কৰি কৃষকসকলৰ লগত মত-বিনিময় কৰে।

ৰাজ্যখনৰ কৃষি বিভাগে কৃষকসকলৰ মাজত বিতৰণ কৰা ধান চপোৱা যন্ত্ৰৰ কৰ্মপদ্ধতিৰো মুখ্য মন্ত্ৰীয়ে আজিৰ এই পৰিদৰ্শন কালতে বুজ লয়।

এই পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত সোণোৱালে কয় যে ক’ভিড-১৯-ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সহযোগত যুঁজ দি থকাৰ লগতে ৰাজ্যখনত অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ কৰাৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে।

ল’কডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ কৃষক আৰু কৃষি উদ্যোগীসকলে দেশৰ বিভিন্ন প্ৰান্তলৈ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি ৩৫৭ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ কৃষি খণ্ডই সম্প্ৰতি বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে আৰু ল’কডাউনৰ সময়ছোৱাই এই কথা পুনৰবাৰ প্ৰতীয়মান কৰিছে।

ৰাজ্যখনৰ যুৱকসকলক কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই ল’কডাউনৰ ফলত ৰাজ্যখনলৈ ঘূৰি অহা অসমৰ যুৱকসকলক সংস্থাপনৰ দিশত কৃষিয়ে বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে বুলিও সোণোৱালে কয়।

ৰাজ্যখনৰ কৃষক সকলৰ মাজত কৃষি বিভাগে প্ৰতি বছৰৰ অক্টোবৰ মাহৰ ভিতৰতে মানসম্পন্ন বীজ যোগান ধৰাৰ বাবে নিৰ্দেশ দি মুখ্য মন্ত্ৰীয়ে কৃষক সকলৰ মাজত সময়মতে বীজ যোগান ধৰা পদক্ষেপে কৃষিৰ উৎপাদন বৃদ্ধি কৰাত বৃহৎ অৰিহণা যোগাব পাৰে বুলি উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীৰ মেক ইন ইণ্ডিয়া পদক্ষেপৰ দৰে মেক-ইন আছাম পদক্ষেপৰো মুখ্য মন্ত্ৰীয়ে পোষকতা কৰাৰ লগতে প্ৰধান মন্ত্ৰীৰ লোকেল-ভোকেল-গ্লবেল আহ্বানৰ প্ৰতিও সকলোকে আন্তৰিকতাৰে সহযোগ কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।