ৰাজ্যৰ ৩.৩০ কোটি মানুহক ৰক্ষা কৰাৰ স্বাৰ্থত যিসকলে নিজামুদ্দিনৰ অনুষ্ঠানত অংশ লৈছিল নিজৰ পৰিচয় দিয়া উচিত : মুখ্য মন্ত্ৰী সোণোৱাল

Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ধুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহ পৰ্যালোচনা আৰু প্ৰত্যক্ষ কৰাৰ বাবে জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ উপৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

ইয়াৰ পাছত মুখ্য মন্ত্ৰীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অংশ গ্ৰহণ কৰি জিলা প্ৰশাসন আৰু অন্যান্য বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপ সমূহৰো বুজ লয়।

ধুবুৰীৰ উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসন আৰু অন্যান্য বিভাগসমূহে ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে লোৱা বিভিন্ন পদক্ষেপ সম্পৰ্কত মুখ্য মন্ত্ৰীক অৱগত কৰে।

বৈঠকত অংশগ্ৰহণ কৰি সোণোৱালে ল’কডাউনৰ সময়ত জৰুৰী সেৱাসমূহ অব্যাহত ৰখাৰ উপৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীসমূহ যাতে জনসাধাৰণে লাভ কৰে তাক সুনিশ্চিত কৰিবলৈও উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে।

বৈঠকৰ অন্তত সংবাদমাধ্যমৰ হৈতে হোৱা মুখামুখিত সোণোৱালে অসমৰ জনসাধাৰণক ২১ দিন ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰীয়ে দিল্লীৰ নিজামুদ্দিনৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে উল্লেখ কৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক তালৈ গৈছিল তথা তাৰ যিসকল অসমলৈ ঘুৰি আহিছে তেখেতসকলে ক’ত কেনেকৈ আছে নিজেই পৰিচয় দিব লাগিব বুলিও সোণোৱালে কয়।

ৰাজ্যখনৰ ৩.৩০ কোটি মানুহক ৰক্ষা কৰাৰ স্বাৰ্থত যিসকল লোকে দিল্লীৰ নিজামুদ্দিনৰ পৰা উভতি আহিছে তেওঁলোকে নিজেই পৰিছয় দিয়া উচিত আহ্বান জনায় সোণোৱালে।

মুখ্য মন্ত্ৰী সোণোৱালে ধুবুৰীৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাছত কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিও ক’ৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধী ব্যৱস্থা সমূহৰ পৰ্য্যবেক্ষণ কৰে।