NORTHEAST NOW (Assamese)

জলসম্পদ বিভাগৰ ৬৫ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাক নিয়োগপত্ৰ বিতৰণ মুখ্য মন্ত্ৰী সোণোৱালৰ

August 10, 2020 8:05 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানত আয়োজিত এক অনুষ্ঠানত জলসম্পদ বিভাগৰ ৬৫ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তা(চিভিল)ৰ নিয়োগপত্ৰ বিতৰণ কৰে।

এই উপলক্ষে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ৰাজ্যখনৰ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ জৰিয়তে জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব লাগিলে প্ৰতিখন নৈ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব লাগিব।

বানপানী আৰু গৰাখহনীয়াৰ ফলত ৰাজ্যখনত ১.২৫ লাখ কৃষকে নিজৰ মাটিকে ধৰি সা-সম্পত্তি হেৰুৱাবলগীয়া হৈছে।

ৰাজ্যৰ মথাউৰিসমূহ দুৰ্বল হৈ পৰিছে ইয়াক শক্তিশালীভাৱে গঢ় দিব নোৱাৰিলে বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাটো সম্ভৱ নহয় বুলিও সোণোৱালে ভাষণ প্ৰসংগত কয়।

পূৰ্বৰ চৰকাৰৰ দিনত জলসম্পদ বিভাগৰ দুৰ্নাম আছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে, বাৰিষাৰ সময়ছোৱাত মথাউৰি নিৰ্মাণ কৰাৰ ফলত বহু চৰকাৰী ধনৰ অপচয় হৈছিল। এই বিভাগটোৰ প্ৰতিচ্ছৱি সলনি কৰাৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা প্ৰয়াস চলাই আহিছে।

আনহাতে, চলিত বৰ্ষত বাৰিষাৰ সময়ছোৱাত কেইবাটাও ভঙা মথাউৰি মেৰামতিৰ কাম হাতত লোৱা হৈছে বুলিও সোণোৱালে লগতে কয়।

গাই নদীৰ দৰে বিশাল প্ৰত্যাহ্বান থকা নদীয়ে ভঙা মথাউৰি এসপ্তাহৰ ভিতৰতে মেৰামতি কৰা হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

Related News