NORTHEAST NOW (Assamese)

অসমত প্ৰতিৰক্ষা বাহিনীৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ উদ্যোগ ল’বলৈ প্ৰতিৰক্ষা মন্ত্ৰীক আহ্বান সোণোৱালৰ

June 14, 2019 6:46 pm · এন ই নাও নিউজ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সৰ্বানন্দ সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক নতুন দিল্লীত থকা কাৰ্যালয়ত সাক্ষাৎ কৰি প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

সাক্ষাৎকালত হোৱা আলোচনাত মুখ্য মন্ত্ৰীয়ে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে পূৰ্বৰে পৰা উগ্ৰপন্থীৰ কূটাঘাটমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ দিশত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে যদিও সম্প্ৰতি এই আইন-শৃংখলাজনিত পৰিস্থিতিৰ চমকপ্ৰদ উন্নতি কল্পে অসমত স্বাধীনতা দিৱসৰ কাৰ্যসূচী তিনিদিনীয়াকৈ পালন কৰাৰ উপৰি বহু সংখ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ৰাজ্যখনত সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে।

মুখ্য মন্ত্ৰীয়ে উগ্ৰপন্থী নিয়ন্ত্ৰণত ৰাজ্যখনত যথেষ্ট সংখ্যক প্ৰতিৰক্ষা বাহিনীৰ লোক নিয়োজিত হৈ আছে যদিও অঞ্চলটোত এতিয়াও প্ৰতিৰক্ষা বাহিনী সমূহৰ বাবে কোনো ধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হোৱা নাই বুলি কয়।

ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰীয়ে অসমত প্ৰতিৰক্ষা বাহিনীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠান এটা স্থাপনৰ দিশত অগ্ৰণী ভূমিকা লোৱাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক অনুৰোধ জনায়। ইয়াৰ বাবে যাৱতীয় ভূমিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক সোণোৱালে অৱগত কৰে।

সোণোৱালে এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰাজ্যখনত স্থাপিত হ’লে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচামে প্ৰতিৰক্ষা বাহিনীত যোগদানৰ বাবে দুগুণে উৎসাহিত হোৱাৰ উপৰি ৰাষ্ট্ৰীয় ভাৱনা জাগ্ৰত কৰাৰ দিশটো ইয়ে বাৰুকৈয়ে সহায় কৰিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক কয়।

আনহাতে, ১৩ জুনত সন্ধিয়া মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ড০ ৰমেশ পোখৰীয়াল নিচাংকক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ শৈক্ষিক উত্তৰণৰ বিভিন্ন দিশ সামৰি বিশদ আলোচনা কৰে।

Related News