NORTHEAST NOW (Assamese)

ফাঁচি বজাৰত চেনিটাইজেশ্যন; অংশ গ্ৰহণ কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

April 2, 2020 7:57 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱাল

অসমত ক’ভিদ-১৯-ৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ফাঁচি বজাৰৰ পুৰণি কাৰাগাৰ এলেকাত গুৱাহাটী পৌৰ নিগমে চলাই থকা চেনিটাইজেশ্যন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

সোণোৱালেও কৰ্মচাৰী সকলৰ লগতে নিজেও চেনিটাইজেশ্যন স্প্ৰে কৰে।

উল্লেখযোগ্য যে, নভেল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে অগ্নি নিৰ্বাপন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সহায়ত মহানগৰীৰ বিভিন্ন স্থানত চেনিটাইজেশ্যনৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আছে।

মহানগৰীৰ বিভিন্ন ৰাজহুৱা স্থান তথা পথ সমূহত গুৱাহাটী পৌৰ নিগমে চেনিটাইজেশ্যনৰ পদক্ষেপ গ্ৰহণ কৰি আছে।

আজিৰ ফাঁচি বজাৰত কৰা চেনিটাইজেশ্যন কাৰ্য্যসূচীত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যয়ো উপস্থিত থাকে।

চেনিটাইজেশ্যনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্য মন্ত্ৰী সোণোৱালে ক’ভিদ-১৯ মহামাৰী বিশ্ব স্বাস্থ্য খণ্ডলৈ নামি অহা এক প্ৰত্যাহ্বান বুলি উল্লেখ কৰে।

‘‘সামাজিক দূৰত্ব আৰু চেনিটাইজেশ্যন হ’ল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আটাইতকৈ উত্তম উপায় সেয়ে আমি সকলোৱে ঘৰৰ ভিতৰত থাকি সামাজিক দূৰত্ব মানি চলিব লাগিব,’’ সোণোৱালে লগতে কয়।

Related News