NORTHEAST NOW (Assamese)

শিৱসাগৰত বিভিন্ন কাম-কাজ, অসম-নাগালেণ্ড সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে মুখ্য মন্ত্ৰীয়ে

June 20, 2020 6:51 am · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক বৈঠকত শিৱসাগৰ জিলা প্ৰশাসনে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে।

ইয়াৰ উপৰি তেওঁ বানপানীৰ প্ৰস্তুতি,অসম-নাগালেণ্ড সীমান্তৰ পৰ্যালোচনা তথা জিলাখনত শক্তি বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে৷

পৰ্যালোচনাকালত মুখ্য মন্ত্ৰীয়ে ক’ভিড-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলাখনৰ সকলো বিভাগকে নিষ্ঠাসহকাৰে কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে।

তদুপৰি, তেওঁ  সামাজিক দূৰত্ব, মাস্ক পৰিধান ইত্যাদিৰ দৰে স্বাস্থ্য বিভাগে ধাৰ্য কৰি দিয়া বিধি-বিধানসমূহ সঠিকভাৱে ৰূপায়ণৰ পদক্ষেপ ল’বলৈকো নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে সম্ভাব্য বানপানীৰ বাবে জিলা প্ৰশাসনক সকলো দিশতে সাজু হৈ থকাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

বানপানীৰ সময়ত বন্যাৰ্তৰ সাহায্য তথা উদ্ধাৰ অভিযান, সাহায্য সামগ্ৰী বিতৰণ ইত্যাদি সম্পৰ্কতো সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণৰে এই দিশত সজাগ হৈ থকাৰ বাবে জিলা প্ৰশাসনক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তদুপৰি,বান-সাহায্য শিৱিৰসমূহত ক’ভিড-১৯ৰ প্ৰট’কল সঠিকভাৱে পালন কৰাৰ ব্যৱস্থা ল’বলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। এই দিশত চৰকাৰে ধাৰ্য কৰি দিয়া নতুন ৰিলিফ মেনুৱেল সঠিকভাৱে পালন কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে।

জিলাখনৰ বিদ্যুৎ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি বানপানী সময়ত যাতে বিদ্যুৎস্পৃষ্টৰ দৰে কোনো ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে বিভাগক বিদ্যুৎ বিভাগৰ খুটা, তাঁৰ ইত্যাদিৰ প্ৰয়োজনীয় নিৰীক্ষণ তথা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম-নাগালেণ্ড সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি তথা জিলাখনৰ শক্তি বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে।

এই বৈঠকতে মুখ্য মন্ত্ৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কাম-কাজসমূহো বিস্তৃতভাৱে পৰ্যালোচনা কৰে৷

স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৱলী মানি পঞ্চায়তৰ কাম-কাজসমূহ দ্ৰুত গতিত চলাই যাবলৈ মুখ্য মন্ত্ৰীয়ে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈক নিৰ্দেশ দিয়ে।

তেওঁ এম জি এন ৰেগাৰ অধীনত বাহিৰৰ পৰা যিসকল শ্ৰমিক অসমলৈ আহিছে, তেওঁলোকক নিশ্চিত সুযোগ প্ৰদান কৰিবলৈও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক  নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে জিলাখনলৈ কিমান সংখ্যক শ্ৰমিক উভতি আহিছে আৰু এতিয়ালৈকে তেওঁলোকক কি কি সুবিধা প্ৰদান কৰা হৈছে সেই কথা জানিবলৈ বিচাৰে। বাহিৰৰ পৰা যিসকলে দক্ষতা আহৰণ কৰি আহিছে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে উপয়ুক্ত প্ৰশিক্ষণ প্ৰদানৰ বাবে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷

বৈঠকত মুখ্য মন্ত্ৰীয়ে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ মাজত সমন্বয় ৰক্ষা কৰি  পঞ্চায়তৰ বিভিন্ন কাম-কাজসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত জিলা পৰিষদক বিশেষ উদ্যোগ লোৱাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে৷

বৈঠকত মুখ্য মন্ত্ৰীয়ে জিলাখনত বিপদসংকুল মথাউৰিসমূহ শীঘ্ৰে মেৰামতি কৰাৰ বাবেও জলসম্পদ বিভাগক নিদেৰ্শ দিয়ে৷

এই পৰ্যালোচনামূলক বৈঠকত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ সভাপতিকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Related News