বৰপেটাত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ফটো : নৰ্থ-ইষ্ট নাও

বৰপেটা জিলাৰ শেহতীয়া বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ লগতে আন কেবাটাও কাৰ্য্যসূচী লৈ আজি বৰপেটা জিলাত উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

মুখ্য মন্ত্ৰী গৰাকীয়ে দিনৰ প্ৰায় ১২ বজাত পাঠশালাৰ গহীনপুৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়৷ বানপানীয়ে গহীনপাৰাত চিঙা মথাউৰিটোও পৰ্যবেক্ষণ কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।

মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে কেইবাগৰাকী বিষয়া৷

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে বৰপেটা চহৰলৈ ৰাওনা হয়৷ বৰপেটা চহৰৰ দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ বিদ্যালয়ত থকা সাহায্য শিবিৰলৈ গৈ বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে৷

একেদৰে বৰপেটা আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহটো আজি উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে।