খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ক্ৰীড়া প্ৰতিযোগিতাখন ১০ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব।

পৰ্যালোচনা বৈঠকত সোণোৱালে আয়োজক সমিতিক বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন সকলো দিশতে সাফল্যমণ্ডিত কৰাৰ দিশত সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে আজিৰ এই পৰ্যালোচনা বৈঠকতে উদ্বোধনী অনুষ্ঠানৰো প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ বাৰেৰহণীয়া সামাজিক-সাংস্কৃতিক দিশৰ উজ্বল প্ৰতিচ্ছবি দাঙি ধৰাৰ দিশত উপযুক্ত ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়া হয়।

ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজনৰ দিশত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা, থকা, পৰিবহন, খাদ্য, স্বাস্থ্য সেৱা আৰু অনাময়, চিকিৎসা আদি দিশৰো পৰ্যালোচনা কৰে।

উল্লেখযোগ্য যে, ক্ৰীড়াত অংশগ্ৰহণ কৰিবলগীয়া ৬৫০০ গৰাকী প্ৰতিযোগী, ১০০০ গৰাকী কাৰিকৰী কৰ্মী, ২৫০০ গৰাকী সহযোগী কৰ্মীৰ থকা-খোৱাৰ বাবে মহানগৰীৰৰ ১৭০ খন হোটেলত ব্যৱস্থা কৰা হৈছে।

বৈঠকত সোণোৱালে ক্ৰীড়াৰ বা-বাতৰি সংগ্ৰহৰ বাবে আহিবলগীয়া বিভিন্ন ৰাজ্যৰ সাংবাদিক সকলৰ বাবে ৰখা সা-সুবিধা সমূহৰো বুজ লয়।

সোণোৱালে খেলো ইণ্ডিয়া ক্ৰীড়া য়ুথ গেমছে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ দিশত বৃহৎ বৰঙণি যোগাব বুলিও কয়।