ভান্তেৰ আদৰ্শৰে কৰ্ম সংস্কৃতি আৰু জৈৱিক কৃষি কাৰ্য্যত আমি আত্মনিয়োগ কৰিব লাগিব : মুখ্য মন্ত্ৰী সোণোৱাল

Sonowal

অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

‘‘প্ৰয়াত কৰ্মবীৰ নন্দ বংশ মহাস্থবীৰ ভন্তেই মানৱতা প্ৰতিষ্ঠাৰ হকে কাম কৰি গৈছিল। সমাজত শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা আৰু কৰ্ম সংস্কৃতিৰ জৰিয়তে সমাজখনক আগুৱাই নিয়াৰ বাবে তেখেতে দৃঢ়তাৰে প্ৰয়াস চলাই গৈছিল।বিভিন্ন জনগোষ্ঠীৰ সমন্বয় অবিহনে উন্নয়ন সম্ভৱ নহয়। শান্তিৰে জীৱন-যাপনৰ বাবে বুদ্ধদেৱে আমাক আদৰ্শ দেখুৱাই থৈ গৈছে।সেই আদৰ্শৰে আমি মানৱ জীৱন সুন্দৰ কৰি তুলিব লাগিব,’’ মঙলবাৰে চৰাইদেউৰ দিচাংপানী বৌদ্ধ বিহাৰ প্ৰংগনত প্ৰয়াত কৰ্মবীৰ নন্দ বংশ মহাস্থবীৰ ভান্তেৰ ৪৫ তম মৃত্যুবাৰ্ষিকী, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়াত বৌদ্ধ ভিক্ষু সকলৰ স্মৃতিচাৰণ, বৌদ্ধ জনগোষ্ঠীয় লোকৰ সাংস্কৃতিক সমাৰোহ আৰু সদৌ অসম বৌদ্ধ মহাসভাৰ ৭৬ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত মুকলি সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জৈৱিক কৃষি কাৰ্য্যৰ বাবে নন্দ বংশ মহাস্থবিৰ ভন্তেই প্ৰয়াস কৰি কৰ্ম পথাৰত তাক প্ৰয়োগৰ জৰিয়তে কৃষকসকলক উৎসাহিত কৰিছিল আৰু আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্যৰে কাম কৰিছিল।এইগৰাকী ভান্তেই জৈৱিক কৃষিৰ গুণাগুণ সম্পৰ্কে কৃষকসকলৰ মাজত জনসচেতনতা সৃষ্টি কৰিছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদূষণ মুক্ত আৰু সেউজ ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে কাম কৰি আহিছে।

মুখ্য মন্ত্ৰীয়ে কয় যে ভান্তেৰ আদৰ্শৰে আমি এখন প্ৰদূষণ মুক্ত অসম নিৰ্মাম কৰিব লাগিব। ইয়াৰ বাবে কৃষকলকলে জৈৱিক কৃষি পদ্ধতিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব।

ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে জৈৱিক কৃষি কাৰ্য্যৰে উৎপাদিত সামগ্ৰীয়ে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰটো ইতিবাচক ভূমিকা গ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকক সুস্বাস্থ্যৰ গৰাকী তুলিবলৈ প্ৰয়াস কৰিছে। সেইবাবে ব্যক্তিগত গৃহ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান পৰিস্কাৰ-পৰিচ্ছন্ন কৰি সকলোৱে স্বাস্থ্য সন্মত জীৱন যাপন কৰিব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে, ত্যাগৰ মনোভাৱৰে কাম কৰাৰ বাবে ভগৱান বুদ্ধই যি অমৰ বাণী প্ৰদান কৰি গৈছে তাক আমি মানি চলিব লাগিব বুলি উল্লেখ কৰি সোণোৱালে কয় যে ভগৱান বুদ্ধৰ বাণীৰে ব্যক্তি আৰু সমাজ জীৱন সুন্দৰ কৰি তুলিব লাগিব। সকলোৱে হৃদয়ত মানৱীয় চেতনা জাগ্ৰত কৰি সামাজিক পৰিৱেশ সুস্থিৰ কৰিব লাগিব বুলিও সোণোৱালে কয়।

আজিৰ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ তপন কুমাৰ গগৈ, বিধায়কদ্বয় যোগেন মোহন, নৱনিতা সন্দিকৈ আৰু বৌদ্ধ ধৰ্মীয় গুৰুসকল উপস্থিত থাকে।