• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাংবাদিকৰ প্ৰশ্নত বিব্ৰত মুখ্যমন্ত্ৰী! প্ৰশ্নকৰ্তা মুছলমান সাংবাদিকৰ ধৰ্মক লৈ তাচ্ছিল্যসূচক মন্তব্য হিমন্তৰ

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
August 21, 2024 8:08 pm
সাংবাদিকৰ প্ৰশ্নত বিব্ৰত মুখ্যমন্ত্ৰী! প্ৰশ্নকৰ্তা মুছলমান সাংবাদিকৰ ধৰ্মক লৈ তাচ্ছিল্যসূচক মন্তব্য হিমন্তৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন সাংবিধানিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ কাম কি? ৰাইজৰ বিপত্তিৰ সমাধান, নহয়নে? কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা কিছু সুকীয়া৷কৃত্ৰিম বানত ভাৰাক্ৰান্ত গুৱাহাটীৰ কৃত্ৰিম বানৰ সম্পূৰ্ণ দোষ মেঘালয়স্থিত ইউএছটিএমলৈ ঠেলি দি নিজৰ দোষ লুকুওৱাত ব্যস্ত মুখ্যমন্ত্ৰী৷

আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদ মাধ্যমৰ সৈতে মুখামুখি হওঁতে এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়৷ইউএছটিএমৰ শিক্ষাৰ্থীক অসমত চাকৰিৰ বাবে আবেদন কৰাৰ কথা উল্লেখ কৰিবলৈ গৈ শৰ্মাই কয় যে,“ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ। বাহিৰা বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ ছাত্র ছাত্রীয়ে অসমত সুকীয়া পৰীক্ষা দিব লাগিব। ইউ এছ টি এমৰ ওপৰত মোৰ খঙটো অলপ বেছি। কাৰণ, ইউ এছ টি এমে আমালৈ পানী এৰি আছে। তাত এখন মেডিকেল কলেজ বনাইছে, এজনো ৰোগী নাই। মেডিকেল কাউন্সিলৰ পৰা দল অহাৰ দিনা জোৰকৈ ৰোগী ভৰ্তি কৰাইছে৷”

ইয়াৰ পাছতে এজন যুৱ সাংবাদিকে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীস্থিত মান্দাকাটা পাহাৰৰ দুৰাৱস্থাক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে৷স্মৰ্তব্য যে,জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি অভিমুখে গ’লে সোঁকাষে চাংসাৰিৰ আৰ্মী কেম্পৰ পৰা বাইহাটা চাৰিআলিলৈ পাহাৰ ধ্বংসলীলা অব্যাহত আছে৷কিন্তু সাংবাদিকে সোধা প্ৰশ্নত বিব্ৰত হৈ সাংবাদিকৰ নামহে সোধে৷সাংবাদিকজনে নিজৰ নাম শ্বাহ আলম বুলি কোৱাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই ধৰ্মীয় দৃষ্টিকোণেৰ সাংবাদিকজনক তুচ্ছ তাচ্ছিল্য কৰে৷

মুখ্যমন্ত্ৰীৰ এনে ধৰ্মীয় মন্তব্যত আহত হৈ সামাজিক মাধ্যমত যুৱ সাংবাদিক শ্বাহ আলমে লিখিছে- “এটা সামান্য প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীক । কিন্তু বিষয়টোৰ সন্দৰ্ভত যথোপযুক্ত উত্তৰ দিয়াৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে আমাক ব্যক্তিগত ভাৱে আক্ৰমণ কৰি ল’বলৈ আৰম্ভ কৰিলে। এগৰাকী সাংবাদিক হিচাপে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাটো মোৰ দায়িত্ব আৰু ধৰ্ম। তাৰ মাজত যদি কোনো এটা প্ৰশ্ন তেওঁৰ মনপুত নহয় তেনেস্থলত ব্যক্তিগত আক্ৰমণ কৰি লোৱাটো দুৰ্ভাগ্যজনক নহয় নে ? মোৰ নামৰ লগত মোৰ প্ৰশ্নৰ কি সম্পৰ্ক ? হয় মোৰ নাম শ্বাহ আলম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়েই খিলঞ্জীয়াৰ স্বীকৃতি দিয়া মই এজন গৰিয়া। অসমীয়াত্ব বুকুত সাৱটি লৈ জীয়াই থকা এজন স্বাভিমানী অসমীয়া। অসমীয়া মোৰ প্ৰথম পৰিচয়। আপুনি মোক যেনেদৰে নামক লৈ আক্ৰমণ কৰিলে এয়া আপুনি মোৰ স্বাভিমানক আঘাত কৰিছে। আপোনাৰ মন্তব্য দুৰ্ভাগ্যজনক। জাতি আৰু ধৰ্মক একাকাৰ কৰাটো অসমীয়াৰ বাবে ক্ষতিকাৰক।ধন্যবাদ৷”

ইপিনে বহুজনে মুখ্যমন্ত্ৰীক ব্যক্তিগত ন্যস্ত স্বাৰ্থ আৰু পৰিয়ালকেন্দ্ৰিক কাৰণত USTMক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি ক্ষুৰধাৰ সমালোচনা কৰিছে৷

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

Stay Connected

  • 117k Fans

Recent News

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd