NORTHEAST NOW (Assamese)

BPCL বক্তিগত খণ্ডলৈ যাব নেকি ! আশংকা দূৰ কৰিবলৈ ভাৰত চৰকাৰলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ পত্ৰ

October 14, 2019 6:49 pm · এন ই নাও নিউজ
Updated: October 14, 2019 9:01 pm
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নুমলীগড় শোধনাগাৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেশ্বন লিমিটেড (বি পি চি এল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাৰ যি বাতৰি প্ৰকাশ পাইছে তাৰ আলমত নুমলীগড় শোধানাগাৰো ভৱিষ্যতে ব্যক্তিগত খণ্ডলৈ যাব নেকি এই আশংকা দূৰ কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে, নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিন্ধান্ত গ্ৰহণ কৰিছে বুলি খবৰ প্ৰকাশ পোৱাৰ পাছতে অসমত বিভিন্ন দল, সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছে।

বিগত ১১ অক্টোবৰত শোধনাগাৰটোৰ অন্যতম সংগঠন নুমলীগড় অইল ৰিফাইনেৰী টেংকাৰ এছ’চিয়েশ্যনে মাৰ্কেটিং টাৰ্মিনেলত প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰিছিল।

প্ৰতিবাদৰ সময়ছোৱাত কেইবা শতাধিক পৰিবহনকাৰীয়ে বিপিচিএল আৰু এন আৰ এল ব্যক্তিগতকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আনহাতে, নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰা হ’ব বুলি চৰ্চা চলি থকাৰ মাজতে শনিবাৰে সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত যিকোনো সিদ্ধান্ত ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰিহে লোৱা হ’ব বুলি মন্তব্য কৰিছিল।

খবৰটো বাতৰি কাকততহে পোৱা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে শোধানাগাৰটো বিক্ৰী কৰা ধৰণৰ কোনো তথ্য অসম চৰকাৰৰ হাতত নাই বুলি উল্লেখ কৰিছিল।

Related News