• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ক্ৰিকেট প্ৰশাসনত বিগত ৩ বছৰ ধৰি চলি থকা ইমাৰ্জেঞ্চি অন্ত পেলোৱাৰ সময় আহিল : সৌৰভ গাংগুলী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 14, 2019 7:34 pm

2 min read

Sourav Ganguly

সৌৰভ গাংগুলী। উৎস-ইণ্টাৰনেট

366
VIEWS
Share on FacebookShare on Twitter

‘‘ভাৰতীয় ক্ৰিকেট প্ৰশাসনত বিগত তিনি বছৰৰ পৰা চলি থকা ইমাৰ্জেঞ্চি অন্ত পেলোৱাৰ সময় আহি পৰিছে। ভাৰতীয় ক্ৰিকেট প্ৰশাসনৰ বিশ্ব ক্ৰিকেটত এক সন্মান আছে যাক অক্ষুণ্ণ ৰখাটো আমাৰ দায়িত্ব,’’ বি চি চি আইৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰি এই মন্তব্য ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সমাগত নিৰ্বাচনৰ বাবে সৌৰভ গাংগুলীয়ে অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰে।

সৌৰভ গাংগুলীৰ উপৰিও কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে সচিব পদৰ বাবে মনোনয়ন দাখিল কৰে। ২৩ অক্টোবৰত বি চি আইৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

সৌৰভ গাংগুলীৰ ক্ৰিকেট এছ’চিয়েশ্যন অব বেংগলত কাম কৰাৰ অভিজ্ঞতা থকাৰ বিপৰীতে জয় শ্বাহৰ গুজৰাট ক্ৰিকেট বোৰ্ডত ৯ বছৰৰো অধিক কাম কৰাৰ অভিজ্ঞতা আছে।

আনহাতে, মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত গাংগুলীয়ে বিগত ৩ বছৰ ধৰি ভাৰতীয় ক্ৰিকেট প্ৰশাসনত ইমাৰ্জেঞ্চি চলি থকা বুলি মন্তব্য কৰে।

ক্ৰিকেট প্ৰশাসনত চলি থকা ইমাৰ্জেঞ্জি নোহোৱা কৰি বি চি চি আইক পূৰ্বৰ দৰে স্থিতাৱস্থাত উপনীত কৰাৰ লক্ষ্যৰে তেওঁ কাম কৰি যাব বুলি গাংগুলীয়ে কয়।

তদুপৰি, গাংগুলীয়ে অধ্যক্ষ পদত উপনীত হ’লে ঘৰুৱা ক্ৰিকেটৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰাত মূল গুৰুত্ব আৰোপ কৰিব বুলি কৈ ঘৰুৱা ক্ৰিকেটক ক্ৰিকেটৰ মূল ভেটি বুলি অভিহিত কৰে।

ক্ৰিকেটৰ আন্তঃগাথনি, ব্যৱস্থা, খেলুৱৈৰ সা-সুবিধা বৃদ্ধি পালেহে দেশত ক্ৰিকেটৰ মান আৰু উচ্চ হ’ব বুলি কৈ গাংগুলীয়ে বৰ্তমানৰ ভাৰতীয় দলটোৱে বিশ্ব শ্ৰেষ্ঠ দলৰ নিচিনাকৈ প্ৰদৰ্শন আগবঢ়াই আহিছে বুলি মন্তব্য কৰে।

আনহাতে, প্ৰশিক্ষক, সহায়কাৰী, দল নিৰ্বাচক, ক্ৰিকেট পৰামৰ্শদাতা সমিতি, নেশ্যনেল ক্ৰিকেট একাডেমী আদিৰ বেতন আদিৰ ক্ষেত্ৰতো নতুনত্ব অনাৰ বাবে কাম কৰিব বুলিও তেওঁ কয়।

আই চি চিৰ ৮০ শতাংশ ধন বি চি চি আইৰ পৰা অহা স্বত্তেও বিগত তিনিবছৰ ধৰি বি চি চি আয়ে লাভ কৰিবলগীয়া ধন আই চি চিৰ পৰা লাভ কৰা নাই বুলি উল্লেখ কৰি গাংগুলীয়ে এই ক্ষেত্ৰতো কৰণীয় আছে বুলি মত ব্যক্ত কৰে।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd