মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টো দুৰ্নীতি আৰু চিণ্ডিকেটৰ কেন্দ্ৰ হৈ পৰিছে

মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

Chief minister's office has become the epicentre of corruption and syndicate, says former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰিল। নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজনৈতিক দলসমূহে কোটি কোটি টকা খৰচ কৰি হেলিকপ্তাৰ উৰুৱালে, ৰ’ড শ্ব কৰিলে। সকলোৰে শীৰ্ষত থাকিল শাসক দল বিজেপি। কিন্তু ‘দুৰ্নীতি মুক্ত প্ৰশাসন’ৰ কথা কোৱা ৰাজ্যৰ বিজেপি দলে নিৰ্বাচনত খৰচ কৰিবলৈ ইমান টকা ক’ত পালে? এই প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰাইবেৰিয়াত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ক’লে এই নিৰ্বাচনে হেনো সোণোৱাল চৰকাৰ কিমান দুৰ্নীতিপৰায়ণ প্ৰমাণ কৰি দিলে।

গগৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতি পৰায়ণতাৰ কথা উল্লেখ কৰি কয়, ‘তেওঁলোকে আমাক ভ্ৰষ্টাচাৰী বুলি কৈছিল, কিন্তু নিৰ্বাচনে প্ৰমাণ কৰিলে যে তেওঁলোক বেছি ভ্ৰষ্টাচাৰী। এই চৰকাৰখনে সকলোতকৈ বেছি দুৰ্নীতি পৰায়ণ। আজি মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টো দুৰ্নীতি আৰু চিণ্ডিকেটৰ কেন্দ্ৰ হৈ পৰিছে’।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিভিন্ন চিণ্ডিকেটৰ বাতৰিৰ প্ৰসংগ উত্থাপন কৰাৰ উপৰিও গগৈয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিয়ুক্তি কেলেংকাৰিৰ অভিযোগৰ কথাও উল্লেখ কৰে। লগতে শেহতীয়াভাৱে গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত হোৱা সুৰা ত্ৰাজিদিৰ প্ৰসংগও সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

‘আমি সকলো দুৰ্নীতিৰ চিবি আই তদন্তৰ দাবী কৰি আছো। সৰ্বানন্দ সোণোৱালক কৈছো যদি তেওঁ যদি নিৰ্দোষী, চি বি আই তদন্ত নিদিয়ে কিয়?’ তৰুণ গগৈৰ মন্তব্য। মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ লগতে বিত্ত বিভাগৰ কাৰ্য্যালয়কে ধৰি সকলো মন্ত্ৰী আৰু বিভাগসমূহ দুৰ্নীতিৰ কেন্দ্ৰ হৈ পৰিছে, যাৰ ফলত অসমৰ উন্নয়নত বাধা আহিছে বুলিও গগৈয়ে মন্তব্য কৰে।

ইপিনে, দুমাহ আগলৈ ৰাজ্য তোলপাৰ লগাই থকা নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনে এই নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। ইয়াৰ কাৰণ এই আন্দোলনক গাঁৱে-ভূঞে লৈ যোৱাত বিধেয়কবিৰোধী দল-সংগঠন আৰু কংগ্ৰেছৰ ব্যৰ্থতা বুলিও তেওঁ প্ৰকাশ কৰে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কিছু সজাগতাৰ সৃষ্টি কৰিলো যদিও এই আন্দোলনক গাঁৱে-ভূঞে তৃণমূল পৰ্য্যায়লৈ আমি নিব নোৱাৰিলে। জাতীয় দল-সংগঠনসমূহো এইক্ষেত্ৰত সফল হ’ল বুলি মই নাভাবো। এই আন্দোলনক যি ধৰণে নিব লাগিছিল সেই ধৰণে নিয়া নহ’ল’, তৰুণ গগৈয়ে কয়।

অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনে নিৰ্বাচনত কিছু পৰিমাণে প্ৰভাৱ পেলাব বুলিও তেওঁ কয়।

আনহাতে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰো গগৈয়ে অভিযোগ আনে। নিৰ্বাচনী প্ৰচাৰত দেশৰ সেনাৰ নামত ভোট বিচৰা কাৰ্য্যত নিষেধাজ্ঞা আৰোপ থকাৰ পাছতো সেয়া উলংঘা কৰাৰ কথাও কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘নিৰ্বাচন আয়োগৰ কামিহাড় নাই। নিৰ্বাচন আয়োগে প্ৰধান মন্ত্ৰীক ভয় কৰে। দেশৰ নিৰ্বাচন আয়োগৰ গুৰুত্ব নাইকিয়া কৰিলে গণতন্ত্ৰ কেনেকৈ ৰক্ষা পৰিব?’ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ মন্তব্য।

মোদীৰ আমোলত দেশৰ চি বি আইকে ধৰি সকলো স্বতন্ত্ৰ সংস্থাৰ স্বতন্ত্ৰতা নাইকিয়া হোৱা বুলিও তেওঁ সৰৱ হয়।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ প্ৰসংগ উত্থাপন কৰি ‘ন্যায়পালিকাৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ হ’লে ন্যায়পালিকাৰ ওপৰত ৰাইজৰ বিশ্বাস নাইকিয়া হ’ব’ বুলিও তেওঁ কয়।