অসম চৰকাৰে বা অসমৰ ৰাইজে এক ইঞ্চি মাটিও সাংবিধানিক সীমাৰ বাহিৰত বিচৰা নাই ৷ যিখিনি মাটি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত আছে সেইখিনি আমি ৰক্ষা কৰিম আৰু আমি জানো যে এইখিনি আমাৰ মাটি ৷ এই মন্তব্য অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ ৷
শেহতীয়াকৈ মুখ্য সচিবগৰাকীয়ে বঙাইগাঁও জিলাত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাখনত চলি থকা জল জীৱন মিছন, সমাজ কল্যাণ বিভাগৰ আঁচনি, ক’ভিড পৰিস্থিতি আদিৰ বুজ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে ৷
উল্লেখ্য যে অসম আৰু মেঘালৰ মুখ্যমন্ত্ৰীৰ মাজত সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা অনুষ্ঠিত হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই মেঘালয়ে অসমৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি কইনাধৰাৰ কাষত সীমা নিৰ্ধাৰণ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্য সচিবগৰাকীৰ পৰা সাংবাদিকে জানিব বিচৰাত তেওঁ কয় যে কইনাধৰাৰ ওচৰত কি হৈছে এই বিষয়টো সন্দৰ্ভত মই বিতং নাজানো ৷
কিন্তু দুই – চাৰিদিনমান পূৰ্বে মেঘালয়ৰ পৰা বিদ্যুতৰ খুঁটা পুতিবলৈ আহিছিল ৷ এই বিষয়ে জানিব পাৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তেওঁলোকক বুজোৱাত আতৰি গৈছিল ৷
গতিকে এইটো সত্য কথা নহয় যে তেওঁলোকে তাত কিবা কৰিলে ৷ ৰাইজে অভিযোগ কৰিলেও বিষয়টো প্ৰকৃত সত্য নহয় ৷ মেঘালয়ৰ মানুহ আহিছিল ৷ কিন্তু কথা হ’ল বহু ঠাইত সীমা নিৰ্ধাৰণ হোৱা নাই ৷ তেওঁ লগতে কয় যে অসমৰ যিমান চুবুৰীয়া ৰাজ্য আছে তেঁওলোকৰ সদায়ে এটা দৃষ্টিকোণ আছে ৷ সেইটো হ’ল তেওঁলোকে বিচাৰে যে তেওঁলোকৰ ৰাজ্যৰ সীমাবোৰ আৰু অসমৰ ভিতৰত হ’ব লাগিছিল ৷
কিন্তু আমাৰ কথা হ’ল আজিৰ যি অসম এই অসমৰ ভূমি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত আছে ৷ গতিকে অসম চৰকাৰে বা অসমৰ ৰাইজে এক ইঞ্চি মাটিও সাংবিধানিক সীমাৰ বাহিৰত বিচৰা নাই ৷ যিখিনি মাটি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত আছে সেইখিনি আমি ৰক্ষা কৰিম আৰু আমি জানো যে এইখিনি আমাৰ মাটি ৷ যেতিয়ালৈকে সংসদ বা কেন্দ্ৰীয় চৰকাৰে সীমা সলনি কৰি নিদিয়ে তেতিয়ালৈকে আমি আমাৰ মাটি ৰক্ষা কৰিম ৷
কাৰণ সংসদেহে সীমা সলনি কৰিব পাৰে ৷ গতিকে যেতিয়ালৈকে অসমৰ সীমা বুলি সংসদৰ এক্ট মতে কোৱা হয় তেতিয়ালৈকে এই সীমা থাকিব ৷
আনহাতে অসম আৰু মিজোৰামৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত হোৱা আলেচনা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্য সচিবগৰাকীয়ে কয় যে অসম – মিজোৰামৰ সীমা সমস্যা সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত আলোচনাত মাজেৰে সমস্যাৰ সমাধানৰ পথ ওলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল ৷
লগতে ৩০৬ নং ৰাষ্ট্ৰীয় ঘাই পথত নিৰপেক্ষ বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু নিৰপেক্ষ বাহিনী আছে ৷
কিন্তু মিজোৰামৰ যিখিনি নিৰাপত্তা বাহিনী আছে সেইখিনি আঁতৰি যোৱা নাই ৷ ইয়াৰ পিছত মিজোৰামলৈ অসমৰ পৰা এটা প্ৰতিনিধি দল গৈ চুক্তি তথা বুজাবুজি কৰি আহিলে ৷ তাৰ পিছত এতিয়া ৰাইজে যি মিজোৰামলৈ যোৱা পথ অৱৰোধ কৰিছিল সেয়া মুকলি কৰি দিয়া হৈছে আৰু যান- বাহনৰ চলাচল আৰম্ভ হৈছে ৷