NORTHEAST NOW (Assamese)

মৰিগাঁৱত নেহৰু যুৱ কেন্দ্ৰৰ শিশু দিৱস উদযাপন

November 14, 2020 8:42 pm · চানু গগৈ

ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও চহৰতো আজি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম তিথি  উপলক্ষ্যে শিশু দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

ইফালে নেহৰু যুৱ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিনটোও শিশু দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ নটোৱাগাঁৱৰ ভাষা ছহিদ যুৱক সংঘৰ সহযোগত তথা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি প্ৰফুল্ল নাথে ।

পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাপন আৰু বন্তি প্ৰজ্বলন কৰে সংঘৰ প্ৰাক্তন সম্পাদক মোহন নাথে ।

ইয়াৰ পিছতেই প্ৰফুল্ল নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত শিশু দিৱসৰ সৈতে সংগতি ৰাখি ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ,তৰ্ক,খেল-ধেমালি আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

অনুষ্ঠানত শিশু দিৱসৰ℅ তাৎপৰ্যৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰে ।

অনুষ্ঠানত জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলৰ ৰাইজ উপস্থিত থাকে ।

Related News