NORTHEAST NOW (Assamese)

চীন আৰু আমেৰিকাৰ মাজত হ’ব বাণিজ্যিক চুক্তি : ঘোষণা কৰিলে ড’নাল্ড ট্ৰাম্পে

June 7, 2025 10:04 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

দুই মহাশক্তি আমেৰিকা আৰু চীনৰ মাজত চলি থকা শুল্ক যুদ্ধৰ মাজতে বাণিজ্য চুক্তিৰ কথা চিন্তা কৰিছে ৰাষ্ট্ৰ দুখনে। চীন আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিৰ বৈঠক অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছেআমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।  এই বৈঠকৰ তথ্য তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে।

শনিবাৰে তেওঁ নিজৰ ট্ৰুথছচিয়েল একাউণ্টত লিখিছে, “মই জনাবলৈ পায় সুখী যে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্ট, বাণিজ্য মন্ত্ৰী হাৱাৰ্ড লুটনিক আৰু বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীয়ে ২০২৫ চনৰ ৯ জুন সোমবাৰে লণ্ডনত চীনৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। এই বৈঠকখন বাণিজ্য চুক্তিৰ বিষয়ে হ’ব।”

এই বৈঠক ঘোষণাৰ পূৰ্বে শুকুৰবাৰে ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত বাণিজ্য সন্দৰ্ভত ফোনযোগে বাৰ্তালাপ হৈছিল।

এই ফোন কলৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ চীন ভ্ৰমণৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে তেওঁ ছি জিনপিঙক আমেৰিকালৈ আহিবলৈ নিমন্ত্ৰণ জনাইছে।

দৰাচলতে দুয়োখন দেশে ইজনে সিজনৰ ওপৰত বাণিজ্য চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেয়ে এই চুক্তিৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজত আৰোপ কৰা শুল্ক হ্ৰাস কৰা।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ট্ৰাম্পে কেইবাখনো দেশৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছিল যদিও চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত সৰ্বাধিক শুল্ক আৰোপ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো গধুৰ শুল্ক আৰোপ কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ মাজত বাণিজ্য যুদ্ধ আৰু অধিক গভীৰ হৈ পৰিছিল।

ইয়াৰ পিছত মে মাহত দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তি সন্দৰ্ভত জেনেভাত এখন বৈঠক অনুষ্ঠিত হয়।এই বাণিজ্যিক চুক্তিৰ অধীনত আমেৰিকাই চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক ১৪৫ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক ১২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰে।

Related News