পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

WhatsApp Image 2021-01-17 at 11.51.37 AM

চীনত কৰ'নাৰ সংক্ৰমণ। ফাইল ফটো।

চীনত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণে তাণ্ডৱৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। এনে পৰিস্থিতি দেশখনৰ চৰাকৰে ক্ষিপ্ৰতাৰে গঢ়ি তুলিছে হাস্পাতাল।

দেশখনত মাত্ৰ ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে ১৫০০টা কোঠাৰ হাস্পাতাল। কৰ’নাৰ সংক্ৰমণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইদৰে তৎপৰতাৰে গঢ়ি তোলা হৈছে হাস্পাতাল।

কৰ’না ভাইৰাছ বিয়পি পৰাটো ৰোধ কৰাৰ বাবে চীনৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি, বেইজিঙৰ দক্ষিণে হুবেই প্ৰদেশৰ ন্যেনগংৱেৰত ৬,৫০০টা কোঠাৰ ছয়খন হাস্পাতাল নিৰ্মাণ কৰি তোলা হৈছে।

ইয়াৰ মাজতে আছে ১৫০০ কোঠাৰ হাস্পাতালখনো। ন্যেনগং আৰু হুবেইৰ প্ৰাদেশিক ৰাজধানী শিজিয়াঝুৱাংয়ৰ মুঠ ৬৪৫জন ৰোগীৰ চিকিৎসা চলি আছে।

আনহাতে, শিজিয়াঝুৱাংয়ত এখন ৩,০০০কোঠাৰ হাস্পাতাল নিৰ্মাণৰ কাম চলি আছে।

দেশখনৰ স্বাস্থ্য কমিছনে জানিবলৈ দিছে যে বৰ্তমানৰ ভাইৰাছৰ সংক্ৰমণ স্বাভাৱিকতকৈ অধিক দ্ৰতভাৱে বিয়পে। সেয়েহে, ইয়াৰ মোকাবিলা কৰাটোও কঠিন কাম। ইতিমধ্যে গোষ্ঠী সংক্ৰমণ ঘটা দেশখনত প্ৰতিৰোধ প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে।

চীনৰ চৰকাৰে দাবী কৰা মতে বৰ্তমান দেশখনত ঘটা সংক্ৰমণৰ কাৰণ হৈছে বিদেশৰ পৰা অহা লোক পণ্য সামগ্ৰী।