চীনৰ আশাত চেঁচাপানী: ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাকলৈ উদ্বিগ্ন বেইজিং

a Xi-jinping-aungsan-suu

ফাইল ফটো

ম্যানমাৰত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাকলৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে চীনে।

চুবুৰীয়া দেশ খনত শেহতীয়াকৈ পুনৰ সামৰিক জুণ্টা প্ৰশাসনে শাসনৰ বাঘজৰী বলেৰে হস্তগত কৰা কাৰ্যত উদ্বিগ্নতা ব্যক্ত কৰি চীনে এই বুলি মতপোষণ কৰিছে যে ম্যানমাৰৰ ৰাজনৈতিক দল সমূহে সকলো দলীয় চিন্তা-চেতনাৰ উৰ্দ্ধলৈ গৈ পাৰস্পৰিক বুজা-পৰাৰে সংকটৰ অৱসান ঘটাব লাগে।

চীনৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ ৱাং ৱেনেবিনে এই ক্ষেত্ৰত মন্তব্য কৰি কয় যে ম্যানমাৰৰ ৰাজনৈতিক দল সমূহে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ আশু সমাধানসূত্ৰ উলিয়াব  লাগে।

তেওঁ লগতে কয় যে ম্যানমাৰৰ সৈতে চীনৰ সীমান্ত সংগ্ন হৈ আছে আৰু সেই বাবেই চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে ম্যানমাৰৰ শেহতীয়া ঘটনাক্ৰমৰ প্ৰতি চীনে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে।

উল্লেখ্য ম্যানমাৰত শেহতীয়াকৈ সেনাই ক্ষমতা হস্তগত কৰি দেশ খনত এবছৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিছে।

ফলত দেশ খনত পোখা মেলিবলৈ আৰম্ভ কৰা গণতন্ত্ৰৰ ভৱিষ্যতৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি।

চীনে দক্ষিণ-পূব এছিয়াৰ বাবে গ্ৰহণ কৰা সম্পসাৰণবাদী পদক্ষেপতত ম্যানমাৰৰ শেহতীয়া অস্থিৰতাই ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে।

বিশেষকৈ চীনে দেশ খনৰ য়ুনান প্ৰদেশৰ পৰা ম্যানমাৰৰ পশ্চিম উপকূললৈ নিৰ্মাণ কৰিবলৈ মনস্থ কৰা ৮.৯ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষ হাই স্পীড ৰে’ল প্ৰকল্পৰ ক্ষেত্ৰত  ম্যানমাৰৰ শেহতীয়া অস্থিৰতাই হেঙাৰৰ সৃষ্টি কৰিছে।

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে বিগত বৰ্ষৰ জানুৱাৰী মাহত ম্যানমাৰ ভ্ৰমণ কৰি দেশ খনৰ সৈতে বাণিজ্যিক সহযোগিতা বৃদ্ধিৰ পৰিকল্পনা কৰিছিল।

কিন্তু এতিয়া চীনৰ সকলো আশাত চেঁচাপানী পৰাৰ উপক্ৰম ঘটিছে।

উল্লেখ্য ম্যানমাৰত সামৰিক অভিযানত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিনত, ক্ষমতাসীন দলৰ নেত্ৰী আং চান ছ্যু কী-কে ধৰি শাসকীয় দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সেনাই আটক কৰিছে।

সোমবাৰে পুৱতি নিশা সেনাবাহিনীয়ে চলোৱা অভিযানত তেওঁলোকক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে শাসকীয় দলৰ মুখপাত্ৰ মায়ো নিউনতে।

মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰে ধলপুৱাতে আং চান ছ্যু কী, ৰাষ্ট্ৰপতি উইন মিনত আৰু আন শীৰ্ষ নেতাসকলক আটক কৰা হৈছে।

তেওঁ জনসাধাৰণক উত্তেজিত নহ’বলৈ আহ্বান জনাইছে আৰু আইন অনুসৰণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

ম্যানমাৰৰ সামৰিক বাহিনীয়ে যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত নিৰ্বাচনত ব্যাপক ভোট জালিয়াতিৰ অভিযোগ তুলিছিল। বাতৰি অনুৰি, সেই অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হৈছে।

উল্লেখ্য যে আং চান ছ্যু কী নেতৃত্বাধীন নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি (এন এল ডি)য়ে নৱেম্বৰৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।