ত্ৰিশ বছৰৰ পাছত ভাৰতৰ পৰা চাউল আমদানিৰ সিদ্ধান্ত চীনৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

চীনে বিগত ত্ৰিশ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা চাউল আমদানি কৰা আৰম্ভ কৰিছে।

চীনৰ পৰম্পৰাগত চাউল যোগানকাৰী দেশ পাকিস্তান আৰু থাইলেণ্ডত উৎপাদন হ্ৰাস পোৱা আৰু চাউলৰ মূল্য বৃদ্ধি পোৱাত চীনে ভাৰতৰ পৰা চাউল ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে চীনে ভাৰতৰ পৰা চাউল আমদানি নকৰা সন্দৰ্ভত ভাৰতৰ চাউলৰ গুণাগুণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

ত্ৰিশ বছৰ পূৰ্বে চীনে ভাৰতৰ পৰা চাউল আমদানি কৰিছিল আৰু পৰৱৰ্তী সময়ত ভাৰতৰ পৰা চাউল আমদানি কৰা বন্ধ কৰিছিল।

‘‘গুণাগুণ পৰ্যবেক্ষণ কৰাৰ পাছত আগন্তুক বৰ্ষৰ পৰা তেওঁলোকে অধিক চাউলৰ আমদানি কৰাৰ সম্ভাৱনা আছে,’’ চাউল ৰপ্তানি সংস্থাৰ সভাপতি বি ভি কৃষ্ণ ৰাৱে এইদৰে কয়।

উল্লেখযোগ্য যে, চীন আৰু ভাৰতৰ মাজত বৰ্তমান সময়ত সীমান্তত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ সময়ত চীনে ভাৰতৰ পৰা চাউলৰ আমদানি কৰাৰ সিদ্ধান্তই কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে।