‘হিন্দুস্তানী ৰাখী’ অভিযান; ৪,০০০কোটি টকাৰ লোকচানৰ সন্মুখীন চীন

swadeshi-rakhis--

ফটো সৌজন্য: ওৱান ইণ্ডিয়া

ব্যৱসায়ী সকলৰ সংগঠন কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (CAIT)য়ে এইবাৰ আৰম্ভ কৰা ‘হিন্দুস্তানী ৰাখী’ অভিযানৰ ফলত চীনৰ প্ৰায় ৪,০০০কোটি টকাৰ লোকচান হ’ব।

CAIT য়ে জানিবলৈ দিয়া মতে প্ৰতিবছৰে ৰাখীবন্ধনৰ সময়ত প্ৰায় ৬,০০০কোটি টকাৰ ৰাখীৰ ব্যৱসায় হয়।

ইয়াৰ ভিতৰত অকল চীনেই প্ৰায় ৪,০০০কোটি টকাৰ ব্যৱসায় কৰিছিল।

সংগঠনটোৱে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈয়ো ৫,০০০ৰাখী প্ৰেৰণ কৰিছিল যিবোৰ সীমান্তত নিয়োজিত হৈ থকা জোৱানসকললৈ পঠিওৱা হৈছে।

সংগঠনটোৱে চলোৱা ‘হিন্দুস্তানী ৰাখী’ অভিযানৰ ফলত চীনে এইবাৰ ৪,০০০কোটি টকাৰ ব্যৱসায় হেৰুৱাব।

CAIT ৰ সৈতে প্ৰায় ৪০,০০০ট্ৰেড এছোচিয়েশ্যন জড়িত হৈ আছে আৰু সমগ্ৰ দেশতে ইয়াৰ ৭কোটি সদস্য আছে।

সংহগঠনটোৱে এইবাৰ চীনৰ সামগ্ৰী বৰ্জন কৰাৰ বাবে ৰাখীত চীনৰ পৰা সামগ্ৰী আমদানি হোৱা নাই আৰু ইয়াৰ ফলতে দেশখনে ইমান বৃহৎ লোকচানৰ সন্মুখীন হব।

সংগঠনটোৰ হিচাপ অনুসৰি, দেশত প্ৰতিবছৰে প্ৰায় ৫০কোটি ৰাশিৰ ব্যৱসায় হয় যাৰ মূল্য প্ৰায় ৬,০০০কোটি টকা।

সংগঠনটোৱে এইবাৰ বস্তি অঞ্চল, মহিলাসকলৰ আত্মসহায়ক গোট, অংগনবাড়ী কৰ্মীকে ধৰি বহু লোকক ৰাখী তৈয়াৰ কৰা তথা বিক্ৰী কৰাৰ কামত নিয়োগ কৰিছে।