চীনৰ ৰাজধানী চহৰ বেইজিঙত পুনৰ কোভিজ১৯ আক্ৰান্তক চিনাক্ত

china-reports-3-new-covid-19-cases-on-jul-1

চীনত পুনৰ ৩ গৰাকী কোবিড১৯ ৰোগীক চিনাক্ত কৰা হৈছে।

চীনৰ স্বাস্থ্য বিভাগে জানাইছে যে বৃহস্পতিবাৰে চীনত তিনি গৰাকী লোকৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰিছে।

আক্ৰান্তৰ দুগৰাকী প্ৰব্ৰজিত লোক আৰু এগৰাকী চীনৰ ৰাজধানী চহৰ বেইজিঙৰ নতুন কেচ বুলি চীনৰ স্বাস্থ্য বিভাগে বিবৃতিৰ যোগে জনাইছে।

অৱশ্যে চীনত দ্বিতীয় তৰংগৰ কোভিড১৯ আক্ৰান্তৰ কোনো লোক মৃত্যু হোৱাৰ খবৰ অহা নাই।

তাৰে দুজনৰ কোভিড১৯ৰ কোনো লক্ষণ ফুটি উঠা নাছিল।

জ্বৰ-কাহ আদি কোনো ধৰণৰ ক্লিনিকেল লক্ষণ ফুটি নুঠা লোক দুজনৰ স্বাস্থ্য পৰীক্ষাত কোভিড১৯ পোৱা গৈছে।

লোককেইজ তিনি দিন পূৰ্বে বেইজিঙত উপস্থিত হৈছিল বুলি জনাইছে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগে।

চীনত উৎপত্তি হোৱা ক’ৰ’নাই দেশখনত ৮৩,৫৩৭ লোকলৈ সংক্ৰমণ ঘটাৰ লগতে জীৱন কাঢ়ি নিয়ে ৪,৬৩৪ গৰাকী লোকৰ।