অৱশেষত স্বীকাৰ কৰিলে চীনে—লাডাখত ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হৈছিল ৪ চীনা সেনা

Army-builds-memorial

লাডাখত আগ্ৰাসন চলোৱাক কেন্দ্ৰ কৰি ভাৰতৰ সৈতে চীনৰ সংঘাত চলি থকাৰ মাজতে আজি চীনৰ চৰকাৰে লাডাখত ভাৰতীয় সেনাৰ আক্ৰমণত ৪ জন পিএলএৰ সৈনিক নিহত হোৱাৰ কথা স্বীকাৰ কৰিছে।

বিগত বৰ্ষৰ ১৫ জুনত লাডাখৰ গালোৱান ভেলীত  ভাৰতীয় সেনাৰ সৈতে চীনৰ সেনাৰ ভয়ংকৰ সংঘৰ্ষ হৈছিল।

উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ গৰাকী বীৰ সৈনিক শ্বহীদ হৈছিল। চীনে বিগত ৯ মাহে সংঘৰ্ষত চীনৰ কোনো সেনা নিহত হোৱাৰ কথা অস্বীকাৰ কৰি আহিছিল যদিও আজি চাৰি জন চীনা সেনা নিহত হোৱাৰ কথা স্বীকাৰ কৰে।

চীনৰ চৰকাৰৰ সূত্ৰই  প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত সংঘর্ষত পিএলএৰ  সৈনিক চেন হংজুন,চেন জিয়াগ্রং,জিয়াও চিয়ুৱান আৰু ৱাং জুৰান নিহত হৈছিল।

গালোৱান ভেলীত নিহত চীনৰ জোৱান কেইজনক চীনৰ চৰকাৰে মৰণোত্তৰ ভাবে সন্মানিত কৰাৰ কথাও আজি চৰকাৰী সূত্ৰটোৱে প্ৰকাশ কৰে।

চীনৰ চৰকাৰে লগতে এই বুলিও স্বীকাৰ কৰিছে যে গালোৱানত ভাৰতীয় সেনাৰ বিৰুদ্ধে চীনৰ সেনাক নেতৃত্ব দিয়া কমাণ্ডাৰজনো উক্ত সংঘৰ্ষত গুৰুতৰ ভাবে আহত হৈছিল।

বিগত ১৫ জুনত গালোৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত বিহাৰ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰকে ধৰি ২০ গৰাকী বীৰ ভাৰতীয় জোৱান শ্বহীদ  হৈছিল।

ভাৰতীয় সেনা জোৱানৰ প্ৰতি আক্ৰমণত বহু চীনা সৈন্যৰো মৃত্যু হৈছিল যদিও চীনে ৰাজহুৱাভাৱে সেই তথ্য দাঙি ধৰাৰ পৰা বিৰত আছিল।চীনে আনকি সংঘৰ্ষত নিজ দেশৰ সেনা নিহত হোৱাৰ কথাটো গাপ দিয়াৰহে চেষ্টা চলাইছিল।