NORTHEAST NOW (Assamese)

ভাৰতৰ নিৰাপত্তালৈ ভাবুকি! অৰুণাচল প্ৰদেশৰ নিচেই কাষেৰে চীনে চলাব বুলেট ৰে’ল

March 13, 2021 4:26 pm · এন ই নাও নিউজ

লাডাখ সংকটকলৈ ভাৰত আৰু চীনৰ মাজত সংঘাতে চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়তে আন এক খবৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে ভাৰত চৰকাৰক।

চীনে শীঘ্ৰেই অৰুণাচল প্ৰদেশৰ নিচেই কাষেৰে চলাব বুলেট ৰে’ল।

সেই মৰ্মে চীনে অৰুণাচল সীমান্তৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত অৱস্থিত নিংচি নামৰ অঞ্চলটোৰে নিৰ্মাণ কৰিছে সুদীৰ্ঘ ৰে’ল পথ।

চীনৰ ৰে’ল বিভাগৰ মুৰব্বী লু ডংফুৱে প্ৰকাশ কৰা মতে অৰুণাচলৰ সমীপৱৰ্তী এই অঞ্চলৰ মাজেৰেই বেইজিঙৰ পৰা লাছালৈ চলোৱা হ’ব বুলেট ৰে’ল।

তেওঁ লগতে কয় যে এই অঞ্চলৰ মাজেৰে ৰে’ল পথ নিৰ্মাণৰ কাম ২০১৪ চনৰ পৰাই কৰি থকা হৈছে আৰু এতিয়া সেয়া সম্পূৰ্ণ হৈ উঠিছে।

৪৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথ ছোৱাৰে চলিবলগীয়া বুলেট ৰে’লেই হ’ব লাছালৈ চলা প্ৰথম ইলেকট্ৰিক ৰে’ল।

চলিব বৰ্ষৰ জুন মাহৰ পৰাই ৰে’ল পথ ছোৱাৰে বুলেট  ৰে’ল চলোৱা হ’ব বুলি ডংফুৱে কয়।

ৰে’লপথটো সক্ৰিয় হৈ উঠাৰ পিছতে চীনে যিকোনো মুহূৰ্ততে অৰুণাচললৈ ৰে’লেৰে বিশাল সেনা বাহিনী প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব।

সেয়ে চীনৰ এনে পদক্ষেপে এতিয়া চিন্তাত পেলাইছে ভাৰত চৰকাৰ।

ভাৰতে চীনৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ অৰুণাচল সীমান্তত পূৰ্বতকৈও অধিক সেনা মোতায়েন কৰিব লাগিব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

চীনে শেহতীয়াকৈ সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সূচল কৰি তুলিছে।

দেশ খনৰ ভাৰত সংলগ্ন প্ৰায় প্ৰতিটো অঞ্চললৈকে চীনে উন্ন ৰে’ল সেৱা গঢ়ি তুলিবলৈ সক্ষম হৈছে।

যি কথাই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

Related News