নৱবৰ্ষৰ প্ৰথম দিনটোতে লাডাখৰ গালোৱান ভেলীত চীনৰ ৰাষ্ট্ৰীয় পতাকা! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া

অৰুণাচলৰ বহু অঞ্চল নিজৰ বুলি দাবী কৰি চীনে সেই ঠাই সমূহৰ নতুনকৈ নামকৰণ কৰাৰ বিষয়টোকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ চীনৰ আন এক দুষ্কাৰ্যৰ কথা পোহৰলৈ আহিছে।

নতুন বছৰৰ প্ৰথম দিনটোতে চীনে লাডাখৰ গালোৱান ভেলীত চীনৰ পতাকা প্ৰদৰ্শন কৰি অঞ্চলটো নিজৰ বুলি দাবী কৰে।

ইতিমধ্যে গালোৱান ভেলীত চীনৰ পতাকা প্ৰদৰ্শনৰ ভিডিঅ’ চীনা চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন সংবাদ মাধ্যমে ভাইৰলেল কৰিছে।

চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে এই ঘটনা সন্দৰ্ভত এনেদৰে টুইট কৰিছে, “সীমান্তৰ ওচৰৰ গালোৱান উপত্যকাত পিএলএৰ সৈন্যসকলে ১ জানুৱাৰী, ২০২২ তাৰিখে চীনা লোকসকললৈ নতুন বছৰৰ শুভেচ্ছা প্ৰেৰণ কৰে।”
চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিনিধি শেন শিৱেই টুইট কৰিছে— ২০২২ চনৰ নৱবৰ্ষৰ দিনা গালোৱান উপত্যকাত চীনৰ ৰাষ্ট্ৰীয় পতাকা উৰুওৱা হয়।

চীনে লাডাখৰ গালোৱান ভেলীত নিজ দেশৰ পতাকা প্ৰদৰ্শন কৰাৰ বিষয়টোকলৈ ভাৰতৰ বিৰোধী দলসমূহে তাব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গালোৱানত চীনা “অনুপ্ৰৱেশ” সন্দৰ্ভত “নীৰৱতা ভংগ” কৰিবলৈ কৈছে৷

দেওবাৰে তেওঁ টুইটযোগে লিখিছিল, ” মোডীজী, নীৰৱতা ভংগ কৰক।” চীনে অৰুণাচল প্ৰদেশৰ ১৫ টা ঠাইৰ “নাম সলনি” কৰাৰ কেইদিনমান পিছত সীমান্তত সংঘটিত এনে ধৰণৰ ঘটনাই মোদী নেতৃত্বাধীন চৰকাৰ খনকো শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে।

নৰেন্দ্ৰ মোডীৰ চৰকাৰকলৈ ৰাহুল গান্ধীয়ে তেওঁৰ টুইটত এনেদৰে কৈছে— “মাত্ৰ কেইদিনমান আগতে আমি ১৯৭১ চনত ভাৰতৰ গৌৰৱময় বিজয়ৰ কথা মনত পেলাই আছিলো। দেশৰ নিৰাপত্তা আৰু বিজয়ৰ বাবে, জ্ঞানী আৰু শক্তিশালী সিদ্ধান্তৰ প্ৰয়োজন। ফোঁপোলা শব্দবোৰে জিকিব নোৱাৰে।”

লাডাখত আগ্ৰাসন চলোৱাক কেন্দ্ৰ কৰি ভাৰতৰ সৈতে চীনৰ সংঘাত চলি আছে।

২০২০ বৰ্ষৰ ১৫ জুনত লাডাখৰ গালোৱান ভেলীত ভাৰতীয় সেনাৰ সৈতে চীনৰ সেনাৰ ভয়ংকৰ সংঘৰ্ষ হৈছিল।

উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ গৰাকী বীৰ সৈনিক শ্বহীদ হৈছিল। চীনে প্ৰথমাৱস্থাত সংঘৰ্ষত চীনৰ কোনো সেনা নিহত হোৱাৰ কথা অস্বীকাৰ কৰি আহিছিল যদিও পিছত চাৰি জন চীনা সেনা নিহত হোৱাৰ কথা স্বীকাৰ কৰিছিল।

চীনৰ চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত সংঘর্ষত পিএলএৰ সৈনিক চেন হংজুন,চেন জিয়াগ্রং,জিয়াও চিয়ুৱান আৰু ৱাং জুৰান নিহত হৈছিল।

গালোৱান ভেলীত নিহত চীনৰ জোৱান কেইজনক চীনৰ চৰকাৰে মৰণোত্তৰ ভাবে সন্মানিত কৰাৰ কথাও  চৰকাৰী সূত্ৰটোৱে প্ৰকাশ কৰিছিল।