কৰ’না ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন; চীনৰ নতুন সংক্ৰমণক লৈ চিন্তিত চিকিৎসক

2411 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

চীনত নতুনকৈ সংক্ৰমণ ঘটা ৰোগীৰ দেহত কৰ’না ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন লক্ষ্য কৰি চিন্তিতি হৈ পৰিছে চিকিৎসকসকল।

চীনৰ উত্তৰ-পূব অঞ্চলত দেখা দিয়া লক্ষণহীন সংক্ৰমণৰ ঘটনাত আক্ৰান্তৰ শৰীৰত ভাইৰাছৰ গাঁঠনিগত পৰিৱৰ্তন দেখা পাইছে চিকিৎসকলে।

ভাইৰাছৰ চৰিত্ৰগত বৈশিষ্ট্য কিধৰণে পৰিৱৰ্তিত হৈছে সেয়া একেবাৰেই অজানিত আৰু ই বিশেষজ্ঞ চিকিৎসকলক চিন্তিত কৰি তুলিছে।

কৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ উহানৰ উত্তৰ-পূব দিশত আক্ৰান্ত ৰোগীৰ দেহত চৰিত্ৰগত তথা গাঁঠনিগত পৰিৱৰ্তন আনিছে এই মাৰাত্মক ভাইৰাছে।

ইয়াৰ বাবে স্বাভাৱিকতে চিকিৎসকসকল উদ্বিগ্ন হৈ পৰিছে আৰু পৰিস্থিতি জটিল হ’বলৈ আৰম্ভ কৰিছে।

চিকিৎসকসকলে অতি সুক্ষ্মভাৱে আক্ৰান্ত ৰোগীসকলক পৰ্যবেক্ষণ কৰিবলৈ লৈছে।

ৰাষ্ট্ৰীয় টেলিভিশ্বনক দিয়া এক সাক্ষাৎকাৰত দেশখনৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক কিউয়ু হাইব’ই কয়,’’চীনৰ উত্তৰ দিশৰ জিলিন আৰু হিলাংজিয়াঙৰ উত্তৰে থকা প্ৰদেশৰ আক্ৰান্তসকলে দীঘলীয়া সময়লৈকে ভাইৰাছটো বহন কৰিছে। তেওঁলোকৰ দেহৰ পৰা ভাইৰাছটো নিৰ্মূল কৰিবলৈ প্ৰচুৰ সময় লাগিছে।‘’

তেওঁ লগতে কয়,’’উহানৰ আক্ৰান্তসকলৰ তুলনাত ইয়াৰ ৰোগীসকলৰ দেহত ৰোগৰ লক্ষণ বহু পলমকৈ ধৰা পৰিছে। ইয়াৰ ফলত ক্ষিপ্ৰ সংক্ৰমণ ঘটিলে সেয়া জনাৰ উপায় নাই। কোনো লক্ষণ অবিহনেই অঞ্চলটোৰ লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছে।‘’

জানিব পৰা মতে, হুবেই প্ৰদেশৰ উহানত ভাইৰাছৰ গাঁঠনিগত চাৰিত্ৰিক বৈশিষ্ট্য চাই চিকিৎসা আৰম্ভ কৰা সম্ভৱ যদিও উত্তৰ দিশৰ আক্ৰান্তসকলৰ দেহত পোৱা ভাইৰাছৰ বৈশিষ্ট্য সম্পূৰ্ণ সুকীয়া।

সেয়েহে, বিশেষজ্ঞসকলে আক্ৰান্তসকলৰ চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বে অধিক পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিছে।

ভাইৰাছৰ এনে চৰিত্ৰগত পৰিৱৰ্তনক লৈ হংকং বিশ্ববিদ্যালয়ৰ অধ্যাপক কেয়জি ফুকুদাই নিয়ম অনুসৰি ভাইৰাছৰ জিনগত পৰিৱৰ্তনেই ইয়াৰ চৰিত্ৰগত তথা গাঁঠনিগত পৰিৱৰ্তনৰ মূখ্য কাৰণ হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছে।

নতুন সংক্ৰমণৰ এই বৈশিষ্ট্যই চিকিৎসকসকলক বিমোৰত পেলোৱাৰ সময়তে চীনকে ধৰি বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে ইয়াৰ কি উপায় বিচাৰি উলিয়াব পাৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।