৩০ খন দেশত ৫০ খন আৰক্ষী থানা স্থাপন কৰিছে চীনে! উদ্দেশ্য কি?

কেৱল নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে নহয়, বিদেশৰ ৩০ খন দেশত ৫০ খনৰো অধিক নিজা আৰক্ষী থানা স্থাপন কৰিছে চীনে। বিদেশত এনেদৰে আৰক্ষী থানা স্থাপন কৰি চীনে কাক সুৰক্ষা দিব বিচাৰিছে সেয়া সন্দেহৰ বিষয় হৈ পৰিছে।
শেহতীয়া তথ্য অনুসৰি চীনে ৬ বছৰতকৈও কম সময়ৰ ভিতৰত প্ৰায় ৩০ খন দেশত ৫০ খনতকৈও অধিক বিদেশী আৰক্ষী থানা স্থাপন কৰিছে ।

চীনৰ চৰকাৰে এইক্ষেত্ৰত দাবী কৰে যে “স্বেচ্ছাসেৱক-পৰিচালিত সেৱা কেন্দ্ৰসমূহ” দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ প্ৰচেষ্টা হিচাবেহে গঢ়ি তোলা হৈছে। চীনৰ এনে বিদেশী আৰক্ষী থানাকলৈ বহু দেশৰ নাগৰিকে এইবুলি আশংকা কৰিছে যে চীনে আন দেশৰ ভিন্ন মতাবলম্বীসকলক অনুসৰণকৰি হাৰাশাস্তি কৰিবলৈয়ে এনে থানাসমূহ ব্যৱহাৰ কৰিব বিচাৰিছে।

চীনা চৰকাৰে কৈছে যে বিদেশত চীনা নাগৰিকসকলক প্ৰশাসনীয় সহায়, যেনে নথি নৱীকৰণ, আৰু অনলাইন প্ৰৱঞ্চনাৰ দৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ এনে বিদেশী থানাসমূহ স্থাপন কৰা হৈছে।
মানৱ অধিকাৰ গোট চেফগাৰ্ড ডিফেণ্ডাৰে প্ৰকাশ কৰা প্ৰতিবেদনত এইবুলি অভিযোগ কৰা হৈছে যে আৰক্ষী থানাবোৰে চীনৰ সৈতে মত পাৰ্থক্য থকা লোকসকলক ভয় খুৱাবলৈ ব্যৱহাৰ কৰিছে ।

২০১৬ চনত  চীনে  ছয়খন দেশত এনে থানা স্থাপন কৰিছিল। এতিয়া দিন বাগৰাৰ লগে লগে চীনৰ বিদেশত স্থাপন কৰা থানাৰ সংখ্যাও বাঢ়ি গৈ আছে।