নেপালৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে প্ৰচণ্ডক সাক্ষাৎ চীনা ৰাষ্ট্ৰদূতৰ

নেপালস্থিত চীনৰ ৰাষ্ট্ৰদূত

নেপালত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰি থকাৰ সময়তে চীনৰ ৰাষ্ট্ৰদূতে বৃহস্পতিবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষক সাক্ষাৎ কৰে।

নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত হৌ য়াংকিয়ে বৃহস্পতিবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ পুষ্প কমল ধালাল(প্ৰচণ্ড)ক সাক্ষাৎ কৰি বিভিন্ন বিষয় আলোচনা কৰে।

নেপাল কমিউনিষ্ট পাৰ্টিৰ সংসদীয় নেতা হিচাপে প্ৰচণ্ডই নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ স্থলাভিষিক্ত হোৱাতো নিশ্চিত হোৱাৰ পাছতে চীনৰ তৰফৰ পৰা প্ৰচণ্ডৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ আহ্বান ক্ৰমে ৰাষ্ট্ৰপি বিদ্যা দেৱী ভাণ্ডাৰীয়ে নেপলাৰ সংসদ ভংগৰ নিৰ্দেশ দি মধ্যৱৰ্তীকালীন নিৰ্বাচন ঘোষণা কৰে।

নেপালত বিগত এবছৰৰ পৰাই ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল। নেপাৰ প্ৰধান মন্ত্ৰী কে শৰ্মা অ’লিৰ কাৰ্য্যকালত নেপালৰ পুৰণি বন্ধু ভাৰতৰ সৈতেও নেপালৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছিল।

অ’লিৰ সময়ছোৱাত চীনে নেপালৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলায়।