NORTHEAST NOW (Assamese)

পশ্চিমবংগৰ পূজা মণ্ডপত ঝিনপিং বধ; মণ্ডপত পৰি ৰ’ল অসুৰ ৰূপী চীনা ৰাষ্ট্ৰপতিৰ ছিন্ন মুৰ

October 23, 2020 7:18 pm · এন ই নাও নিউজ

দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান দুৰ্গা পূজাৰ উৎসাহ। পশ্চিমবংগত উলহ মালহেৰে কোভিড প্ৰট’কল মানি দুৰ্গা পূজা উদযাপন কৰা হৈছে।

বৃহস্পতিবাৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হৈছে। পশ্চিমবংগৰ বিভিন্ন পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই তোলা হৈছে।

পশ্চিমবংগৰ বেৰহামপুৰ চহৰৰ এখন পূজা মণ্ডপত অসুৰৰ স্থানত ৰখা হৈছে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙক।

দুৰ্গা দেৱীয়ে বধ কৰাৰ পাছত মণ্ডপত ঝিনপিঙক কটা মুণ্ডৰে সৈতে দেখা হৈছে।

ছ’চিয়েল মিডিয়াত এই পূজা মণ্ডপৰ আলোকচিত্ৰ প্ৰচাৰিত হোৱাৰ পাছতে ভাইৰেল হৈ পৰিছে।

প্ৰতিবছৰে পশ্চিমবংগৰ পূজা সমিতি সমূহে একো একোটা বিষয়বস্তুৰ উপস্থাপনেৰে মূল মণ্ডপ সজাই তোলে।

চলিত বৰ্ষত বেৰহামপুৰৰ পূজা সমিতিয়ে কোভিডক মূল বিষয়বস্তু হিচাপে লৈ মণ্ডপ সজাই তুলিছে আৰু এই মণ্ডপত বিশ্বত ক’ৰ’না ভাইৰাছৰ বিলাই দিয়া চীনক অসুৰৰ ৰূপত উপস্থাপন কৰা হৈছে।

Related News