বিশ্বনাথৰ কাঠনিবাৰীত গ্ৰাম্য পৰ্যটনৰ মানচিত্ৰত নতুন দিগন্তৰ সূচনা কৰিবলৈ ওলাইছে চহা জীৱনে

মহিম বৰাৰ সৃষ্টি কাঠনিবাৰী ঘাটত এতিয়া উখল মাখল পৰিবেশ, কাৰণ বিশ্বনাথৰ পৰ্যটনৰ ক্ষেত্ৰখনত সংযুক্ত হ’ল এক নতুন অধ্যায়ৰ ৷

গ্ৰাম্য পৰ্য্যটনৰ ক্ষেত্ৰখনত সূচনা হ’ল এক নতুন দিগন্তৰ ।

বিশ্বনাথ জিলাৰ মোনাবাৰী সমীপৰ কাঠনিবাৰী ঘাটত চহা জীৱন নামৰে এটি গ্ৰাম্য পৰ্যটনস্থলী শুভাৰম্ভ কৰা হয় ৷ গ্ৰাম্য পৰ্যটনৰ বাবে বিশিষ্ট পৰ্যটন অনুৰাগী ড’ কিশোৰ হাজৰিকা আৰু তেওঁৰ সহধৰ্মীনী স্নিগ্ধা জ্যোতি হাজৰিকাৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছে এই বিশেষ প্ৰচেষ্টা ।

এই পৰ্যটন ক্ষেত্ৰখনত হালধীয়া সৰিয়হ, তাৰ মাজত এখন সুন্দৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে।

য’ত আছে এটা চাং ঘৰ, এটা নাম ঘৰ, হাৰলী ঘৰ, অতিথি ঘৰ, চানেকি নামৰ এটা গৃহত এখন তাত শাল, প্ৰায় বিলুপ্ত হৈ পৰা গৰু গাড়ী,অতিথি গৃহ আদি সুন্দৰ কৈ সজোৱা হৈছে।

অতিথিক আপ্য়ায়ন কৰা হৈছে পিঠা, লাড়ু, চিৰা দৈ আদিৰে ।

ইয়াৰ পিছতে আয়োজন কৰা হৈছে সমূহীয়া ন খোৱা উৎসৱৰ।

যান্ত্ৰিকতাই গ্ৰাস কৰা সমাজ জীৱনৰ থলুৱা সংস্কৃতিৰ বিপদাপন্ন সময়ছোৱাত গ্ৰাম্য পৰ্যটনৰ দিশত চহা জীৱনৰ পদক্ষেপ আকোঁৱালি লৈছে সকলোৱে ।

বিশ্বনাথৰ বহু কেইজন বিশিষ্ট অতিথিৰ উপস্থিতিত মুকলি অনুষ্ঠানৰ মাজত টেকেলি ভঙা,ৰচী টনা,আদি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।

পৰ্যটনৰ ক্ষেত্ৰখনত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হাজৰিকা পৰিয়ালৰ এই ব্যতিক্ৰমী চিন্তাধাৰা এতিয়া সকলোৰে সমাদৰৰ পাত্ৰ হৈ পৰিছে ।