NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ; ডিঙি, মূৰ আৰু চকুত আঘাত

July 5, 2019 12:34 pm · এন ই নাও নিউজ
ফটো উৎস : ফেচবুক

অসমৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰৰ বাহন দুৰ্ঘটনাত পতিত হৈছে। নগাঁৱৰ নেলীত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত কৰিঅ’গ্ৰাফাৰ গৰাকী আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে যোৰাহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত নেলীত গাড়ীৰ চকা ফুটে আৰু যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত মূৰ, ডিঙি আৰু চকুত আঘাত পাইছে উদয় শংকৰে।

ইফালে পৰিয়ালৰ লোকে জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰজনৰ স্বাস্থ্য ঠিকেই আছে আৰু বৰ্তমান তেওঁ নিজৰ ঘৰতে বিশ্ৰাম লৈ থকাৰ কথা জানিবলৈ দিয়ে।

৪ জুলাই অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাটোত কৰিঅ’গ্ৰাফাৰজনৰ লগতে চালক জনো কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয়। কিন্তু বৰ্তমান সুস্থ বুলি ছ’চিয়েল মাধ্যম ফে’চবুকৰ জৰিয়তে উদয় শংকৰে নিজৰ ফটোৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰো ফটো প্ৰকাশ কৰে।

Related News