অসমীয়া মহান মনীষীৰ জীৱন ভিত্তিক গ্ৰন্থ সংকলন প্ৰকাশৰ যো-জা এন বি টিৰ

প্ৰকাশ পাবলগীয়া গ্ৰন্থখনৰ বেটুপাতৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ প্ৰকাশনত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অতুলনীয় বৰঙণি যোগোৱা বৰেণ্য ব্যক্তিসকলৰ জীৱনীমূলক এখন গ্ৰন্থ সংকলন শনিবাৰে গুৱাহাটী বিবেকানন্দ কেন্দ্ৰ প্ৰতিষ্ঠানৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত মুকলি কৰা হ’ব।

বিশিষ্ট সাহিত্যিক হীৰেন্দ্ৰ নাথ দত্ত আৰু স্তুতি গোস্বামীয়ে সম্পাদনা কৰা ‘ৱাৰ্প এণ্ড ৱেফ্ট : মেকাৰছ অফ মদাৰ্ণ আছাম’ শীৰ্ষক গ্ৰন্থখনত অসমৰ অৰ্থ-সামাজিক-সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা চৌব্বিশগৰাকী ব্যক্তিৰ জীৱন ভিত্তিক ৰচনা অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত মুখ্য সম্পাদক হীৰেন্দ্ৰ নাথ দত্তৰ আকস্মিক বিয়োগৰ পাছত বিশিষ্ট লেখক তথা অনুবাদক স্তুতি গোস্বামীয়ে সম্পাদনাৰ বাকী অংশ কাম আ্গবঢ়াই নিয়ে। প্ৰায় দুটা দশক পূৰ্বে মুনীন বৰকটকী মেম’ৰিয়েল ট্ৰাষ্টে এনেধৰণৰ কিতাপ এখন প্ৰকাশৰ বাবে পৰিকল্পনা কৰিছিল।

বিভিন্ন দিশত অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত নিজস্ব ত্যাগ আৰু কৃচ্ছ সাধনাৰে বৰঙণি যোগোৱা প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ জীৱনমালা গ্ৰন্থখনত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে।

আনহাতে, প্ৰকাশ হ’ব লগীয়া গ্ৰন্থখন আধুনিক অসমৰ বাটকটীয়াসকলৰ বিষয়ে গৱেষক আৰু  অনাঅসমীয়া লেখকসকলৰ বাবে এখন আপুৰুগীয়া সম্বল হ’ব বুলি আশা কৰা গৈছে।

অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠিত যশস্বী লেখক তথা সাহিত্যিক মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ নাথ দত্ত, নগেন শইকীয়া, ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী, শিৱনাথ বৰ্মণ, ৰাজেন শইকীয়া, প্ৰদীপ জ্যোতি মহন্ত, অপৰ্না মহন্ত, ইন্দিবৰ দেউৰী, আনন্দ বৰমুদৈ, অনিমা দত্ত আদিৰ লেখনী গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।

প্ৰকাশ পাবলগীয়া গ্ৰন্থখনত পাঠক সমাজে বৰ অসমৰ খনিকৰ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আদিৰ দৰে ক্ষণজন্মা মহান অসমীয়া মনিষীসকলৰ জীৱনভিত্তিক ৰচনা সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।