নিৰ্বাচনৰ পূৰ্বে দিয়া জনজাতিকৰণ আৰু ১২৫ কোটিৰ ললিপপ নিগিলে চুতীয়া জনগোষ্ঠীয়ে : নৱেম্বৰৰ পৰা আন্দোলন ঘোষণা

ch3

চুতীয়া জনগোষ্ঠী উন্নয়নৰ বাবে নিৰ্বাচনৰ প্ৰাকক্ষগত ৰাজ্য চৰকাৰে ঘোষণা কৰা ১২৫ কোটি টকা আজি পর্যন্ত মুকলি কৰি নিদিয়াত তথা জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই।

আজি গুৱাহাটী বীৰাঙ্গনা সতী সাধনী ভৱনত অনুষ্ঠিত হোৱা চুতীয়া ছাত্র সন্থাৰৰ ১৬ সংখ্যক প্রতিষ্ঠা দিৱসত সাংবাদিকৰ আগত মন্তব্য কৰি সভাপতি মহেন বৰাই কয় “একমাত্র ভোটৰ স্বাৰ্থতে চুতীয়া জনগোষ্ঠী ভোটাৰক আকৃষ্ট কৰিবলৈ চৰকাৰে এই ধনৰাশি ঘোষনা কৰিছিল আৰু শেহতীয়াকৈ চৰকাৰে এশদিন অতিক্ৰম কৰাৰ পাছতো এই প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰাটো অতি দুভাগ্যজনক।”

বৰাই লগতে কয়, ‘প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা কেন্দ্রীয় কার্যনির্বাহক সভাত চৰকাৰৰ প্ৰতাৰণাৰ এই দিশসমূহ বিতংভাৱে আলোচনা হৈছে। চৰকাৰে ঘোষণা কৰা ১২৫ কোটি এয়া যে মাথোঁ নিৰ্বাচনৰ ললিপপ আছিল, চৰকাৰৰ বৰ্তমান অমনোযোগিতাই প্রমাণ কৰিছে বুলি অভিহিত কৰিছে।’

সমান্তৰালভাৱে ভূমিপূত্র জনগোষ্ঠীটোৰ জনজাতিকৰণৰ প্ৰসংগতো চৰকাৰৰ বর্তমান সময়ত কোনো পদক্ষেপ দেখিবলৈ পোৱা নাই বুলি সভাপতি বৰাই উল্লেখ কৰি প্ৰতিখন চৰকাৰে নিজৰ উদ্দেশ্য সিদ্ধি হোৱাৰ পাছত জনগোষ্ঠীটোৰ সমস্যাসমূহ সদায় সমস্যা হৈয়ে ৰয় বুলি কয়৷

তেওঁ আৰু কয়, ‘পৰিৱৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ২০১৬ত দায়িত্ব লৈয়ে সেই সময়ৰ মন্ত্রী কেশৱ মহন্তই শদিয়া আৰু অৰুণাচলত থকা জনগোষ্ঠীটোৰ বহু পৌৰাণিক কৃৰ্তিচিহ্ন পৰিদৰ্শন কৰি এই সমলসমূহক সংৰক্ষণ আৰু সৌন্দয্যবর্ধন কৰাৰ আস্বাস প্রদান কৰিছিল। সেই আস্বাস আজিও আশ্বাস হৈয়ে ৰ’ল।”

“আজি দিনত এই সম্পদসমূহ ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ গতি কৰিছে বুলি বৰাই সন্দ্বী কৰি এটা জাতিৰ পৌৰাণিক কৃৰ্তিচিহ্ন স্বাধীনতাই সাতদশক অতিক্ৰম কৰাৰ পাছতো তথা এখন চৰকাৰ থকা পাছতো কোনো গুৰুত্ব নিদিয়া বিষয়টো কিমান যুক্তিসংগত সেয়া সময়ে ক’ব।” বৰাই লগতে কয়।

অন্যহাতে, আজিৰ কাৰ্যনির্বাহকে জনগোষ্ঠীৰ বিভিন্ন সমস্যা তথা জনজাতিকৰণ, উচচ শিক্ষা প্রতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ, স্বায়ত্ব শাসন প্রদান, পৌৰাণিক কৃর্তিচিহ্ন সংৰক্ষণ আদিৰ দাবীৰে অহা নৱেম্বৰৰ পৰা পোনৰ ধাৰাবাহিক আন্দোলন গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি সন্থাৰ সম্পাদক ৰাজু চুতীয়াই সদৰী কৰে।

উল্লেখ্য যে ক’ভিডৰ নীতি-নির্দেশনাৰ মাজেৰে ৰাজ্যৰ ১৫খন জিলা প্রতিনিধি আৰু কেন্দ্রীয় সদস্যসকলৰ উপস্থিতিত আজি অনুষ্টুপীয়াকৈ চুতীয়া ছাত্র সন্থাৰ ১৫ সংখ্যক প্রতিষ্ঠা দিবস পালন কৰা হয়।